১২ জুনঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে দেশক। বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতে ২৪২ গৰাকী লোক কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনা ভাৰতৰ এতিয়ালৈকে হোৱা অন্যতম ভয়াৱহ বিমান দুৰ্ঘটনা হিচাবে পৰিগণিত হৈছে ।
বিমানখন অতি কম উচ্চতাৰে উৰি আছিল। পাইলটে উচ্চতা বৃদ্ধিৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল । কিন্তু সকলো চেষ্টাই বিফল হৈছিল আৰু বিমানখনে মাটিত খুন্দা মাৰি জ্বলি উঠিছিল। দুপৰীয়া ১.৩৮ বজাত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে বিমান খন এটা বৃহৎ অগ্নিকুণ্ডত পৰিণত হৈ বিস্ফোৰণ ঘটে। লণ্ডনলৈ বহু দূৰ বাবে বিমান খনত প্ৰচুৰ ইন্ধন ভৰ্তি আছিল।
উৰা মৰাৰ কিছু সময়ৰ পিছতে পাইলটে বিমান খনে অধিক ওপৰলৈ উঠিব নোৱাৰা বুলি এটা বাৰ্তা প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত বিমান পৰিবহণ নিয়ন্ত্ৰকৰ পৰা বাৰে বাৰে ফোন কৰাৰ পিছতো পাইলটৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল বুলি জানিব পৰা গৈছে। বিমান খনে ৮২৫ ফুটৰো কম উচ্চতাত উৰি আছিল।

আহমেদাবাদ-লণ্ডন গেটৱিক পৰিচালনা কৰা বিমান খনৰ নং এ আই ১৭১বিমান খনত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ নাগৰিক, ১ জন কানাডিয়ান আৰু ৭ জন পৰ্তুগীজ নাগৰিক আছিল।
বিমানখনৰ জ্বলি যোৱা ধ্বংসাৱশেষৰ পৰা ডাঠ ধোঁৱা ওলোৱা দেখিবলৈ পোৱা গৈছে।
কমেও দুডজন এম্বুলেন্স সেই স্থানত উপস্থিত হোৱাৰ লগতে একাংশই আহতসকলক লোকক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্যও দেখা যায়।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সকলো জৰুৰীকালীন সঁহাৰি সংস্থাক দ্ৰুত আৰু সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
দুৰ্ঘটনাটোত শতাধিক লোকৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে। চৰকাৰী ভাবে নিহৰ সংখ্যা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।এক্সত দিয়া এটা পোষ্টত তেওঁ কয় যে মোৰ চিন্তা আৰু প্ৰাৰ্থনা বিমান খনত থকা সকলো লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক বিবৃতিত কয় যে ৮,২০০ ঘণ্টাৰ অভিজ্ঞতা থকা কেপ্তেইন সুমিত ছভাৰৱালে পৰিচালনা কৰিছিল বিমান খন।
এয়াৰ ইণ্ডিয়াই ইতিমধ্যে ১৮০০ ৫৬৯১ ৪৪৪ নম্বৰৰ হটলাইন স্থাপন কৰিছে।
ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয় শোক প্ৰকাশ কৰে ৷ তেওঁ কয়, “আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱা ঘটনাটো অতি শোকৱহ ৷ মই বিষয়াসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছো আৰু যুদ্ধংদেহীভাৱে আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো । লগতে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ এটা সেউজ কৰিড’ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো । অগ্ৰাধিকাৰ ভিত্তিত আহত লোকসকলক চিকিৎসালয়ত চিকিৎসাৰ সকলো ব্যৱস্থা কৰা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে আৰু সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে…৷”
ইয়াৰ ইণ্ডিয়াৰ বিধ্বস্ত বিমানখনত ২১৭জন প্ৰাপ্তবয়স্ক আৰু ১৩জন শিশু আছিল ।
এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু । ৬২৫ ফুট উচ্চতালৈ উৰিছিল বিমানখনঅভিশপ্ত বিমানখনত । বিশ্ব কঁপাই যোৱা আহমেদাবাদৰ শিহৰণকাৰী বিমান দুৰ্ঘটনা। মুহূৰ্ততে অগ্নিকুণ্ডত পৰিণত হ’ল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান।

এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু । এই বিমানখন ক্ৰু মেম্বাৰকে ধৰি মুঠ ২৪২গৰাকী লোক আছিল। আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল বিমানখন। AI 171 নম্বৰৰ বিমানখন দুপৰীয়া ১.১০ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰে কিন্তু উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ জনবসতিপূৰ্ণ ভাঙি পৰে বিমানখন।

কোন আছিল বিমানত?এয়াৰ ইণ্ডিয়াৰ বিধ্বস্ত বিমানখনত ২১৭জন প্ৰাপ্তবয়স্ক আৰু ১৩জন শিশু আচিল।
১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান, ৭ গৰাকী পৰ্তুগীজ যাত্ৰী আছিল।প্ৰাথমিক তদন্তত জনা গৈছে, বিমানৰ ইঞ্জিন হঠাৎ বিকল হৈ যায়, যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
