আবেগসৰ্বস্ব ৰাজনীতিত বিধস্ত জনতা জনাৰ্দন

0 26

অনিৰ্বাণ দত্ত 
জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সংস্কৃতি, ঐতিহ্যৰ ভিত্তিত মানুহৰ আবেগ গঢ়লৈ উঠে৷ নিজ ভাষা-সংস্কৃতি, ঐতিহ্যৰ প্ৰতি মানুহ সদায় বৰ সংবেদনশীল৷ ভাৰতৰ দৰে এখন বহুত্ববাদী সমাজ থকা দেশত সংকীৰ্ণ আবেগৰ উৰ্ধত গৈ সামাজিক ন্যায়, সমতা, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিব পাৰিলেহে দেশৰ শান্তি আৰু প্ৰগতি নিশ্চিত হ’ব৷ দেশৰ সংবিধানে ইয়াৰ প্ৰস্তাবনাতে এই বিষয়ত জোৰ দি নাগৰিকসকলক সতৰ্ক কৰি দিছে৷ কিন্তু, বহুদলীয় স্বীকৃতি থকা সংসদীয় শাসন ব্যৱস্থাৰ দেশখনত ৰাজনৈতিক দলসমূহে ক্ষমতা আহৰণৰ বাবে জাতি-ধৰ্ম, জাত-পাতৰ ভিত্তিত যি নিকৃষ্টমানৰ আবেগিক ৰাজনীতি কৰা দেখা যায় তাৰ পৰা সঠিককৈ ক’ব পাৰি যে এনে ভোটকেন্দ্ৰীক নিৰ্বাচনসমূহে বাৰে বাৰে সংবিধানৰ আত্মাত কুঠাৰাঘাত কৰি আহিছে৷ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত প্ৰাক্ নিৰ্বাচন বা নিৰ্বাচনোত্তৰ সময়ত ৰাজনৈতিক দলবোৰৰ মাজত যি লেতেৰা, অ-সংসদীয় প্ৰতিযোগিতা, বুজাবুজি, বেচা-কিনা চলিবলৈ লৈছে ই ভাৰতীয় বহুত্ববাদী সমাজখনক ভাতৃত্ববোধৰ এনাজৰীৰে বন্ধাতকৈ পূৰ্বৰ একতাৰ বান্ধোনডালহে ছিন্ন বিছিন্ন কৰি দিবলৈ ধৰিছে৷ সমানে সমানে সংবিধানিক নীতি-আদৰ্শ আৰু জনমতক চূড়ান্তভাৱে উপলুঙা কৰি ভাৰতীয় গণতন্ত্ৰক দুৰ্বল কৰি তুলিছে৷        যুক্তি, সু-শাসনৰ ভেটি স্বৰূপ৷ এই যুক্তি সংবিধান আধাৰিত৷ সংবিধানিক নীতি আদৰ্শ ৰক্ষা কৰি জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কল্যাণকামী শাসন নিশ্চিত কৰাই হ’ল যুক্তি৷ উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলক নিকা নিৰ্বাচনী প্ৰক্ৰিয়াৰে জয় যুক্ত কৰাটোৱেই হ’ল যুক্তি৷ সংখ্যালঘু আৰু দুৰ্বল শ্ৰেণী জনতাৰ সুৰক্ষা, স্বাধীনতা, সমতা নিশ্চিত কৰি সমউন্নয়ন সাধন কৰাই হৈছে যুক্তি৷ কিন্তু কি সোঁপন্থী বা বাওঁপন্থী, শাসক পক্ষ বা বিৰোধী পক্ষ সকলোৱেই যুক্তিলৈ পিঠি দি অৰ্থাৎ সংবিধানৰ মৰ্যাদা ৰক্ষা, দেশৰ সামগ্ৰিক স্বাৰ্থ ৰক্ষা—এইবোৰ দিশ অবহেলা কৰি পাইকাৰী হাৰত জনসমৰ্থন লাভ কৰাৰ অভিসন্ধিৰে সংকীৰ্ণ আবেগিক ৰাজনীতি কৰি সমাজত ভাতৃঘাতী সংঘৰ্ষৰ সূচনা কৰা বা ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈও হেতালি খেলা এতিয়া তেনেই সাধাৰণ কথা৷ দেশে ইংৰাজ শাসকৰ পৰা মুক্তি লাভ কৰা সাতটা দশক অতিক্ৰম কৰিলে কিন্তু স্বাধীন দেশৰ ৰাজনীতিয়ে অদ্যাপি পৰিপক্বতা দেখুৱাব নোৱাৰিলে৷ পশ্চিমীয়া দেশত ১৭শ শতিকাৰ পৰাই ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ বেলিকা আবেগতকৈ যুক্তিক অগ্ৰাধিকাৰ দিয়াৰ পৰম্পৰা চলি আহিছে৷ প্ৰখ্যাত ৰাজনৈতিক-অৰ্থতত্ববিদ, লণ্ডন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ উইলিয়াম ডেভিছে তেখেতৰ গ্ৰন্থ  “নাৰ্ভাচ ষ্টেটচ”ত ৰাজনীতিত যুক্তি (reason) আৰু অনুভূতি (feelings)ৰ সংঘাত দেখুৱাইছে৷ তেখেতে আবেগ অনুভূতিক যুক্তিসিদ্ধ কৰি আগবঢ়াৰ ফলপ্ৰসূতা দাঙি ধৰিছে৷ অন্ধ আবেগে  ৰাজনীতিক বিপৰ্যস্ত কৰি জনতাৰ চৰম অকল্যাণ আনে৷ আমাৰ দেশৰ যুক্তিক প্ৰাধান্য নিদিয়া ৰাজনীতি ভাল মানুহে ভাল চকুৱে নোচোৱা পৰ্যায়লৈ অবনমিত হ’ল৷ সংবিধানিক আইনৰ অপব্যৱহাৰ, অতিকেন্দ্ৰীক ব্যৱস্থাৰে কৰা শোষণ বঞ্চনা, নাগৰিকৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰাৰ ঘটনা পৰিঘটনাবোৰ মন কৰি আঁশী উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলে চৰম বিৰক্তিৰে কোৱা শুনা যায় যে ইংৰাজৰ দিনেই ভাল আছিল! ধন আৰু বাহুবল প্ৰয়োগৰ কৰি বা জাতপাত, ধৰ্ম-সম্প্ৰদায়ৰ সংকীৰ্ণ আবেগ সৃষ্টি কৰি সাম্প্ৰদায়িক, অসামাজিক বা  অপৰাধী লোক যিকোনো নিৰ্বাচনত জয়যুক্ত হোৱাটো ভাৰতীয় ৰাজনীতিত তেনেই সাধাৰণ কথা৷ এনে অ-পৰম্পৰাৰে ভাৰতীয় ৰাজনীতি আজি অপৰাধীৰ ভূ স্বৰ্গ হৈ পৰিল৷ সেইসকল ধুৰন্ধৰ নেতাৰ সংখ্যাধিক্যই বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ সাংবিধানিক ৰাজনীতিলৈ বিপৰ্যয় মাতিছে৷ গণতন্ত্ৰৰ চাৰিটা স্তম্ভ বিধান মণ্ডল (political system), কাৰ্যপালিকা (administrator), ন্যায়পালিকা (law agencies) আৰু সংবাদ মাধ্যম (media)ত ঘুণে ধৰাত সৰ্বসাধাৰণ ৰাইজৰ সমতা, ন্যায়, ভাতৃত্ববোধ, স্বাধীনতা বৰ বেয়াকৈ আক্ৰান্ত হ’ব ধৰিছে৷         বৰ্তমান দেশৰ দুয়োটা বৃহৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিয়েও ক্ষমতা আহৰণৰ বাবে জনসাধাৰণৰ আবেগৰ আবহাৱাৰ সঠিক উমঘাম ৰাখি সন্তৰ্পণে আগবঢ়াত সিদ্ধহস্ত৷ কেৱল ৰাজনৈতিক ক্ষমতা আহৰণৰ লক্ষ্যত জাতি-জনগোষ্ঠী সম্প্ৰদায়ৰ আবেগ-অনুভৱক অপৰিসীম গুৰুত্ব দিয়াৰ নিখুঁট অভিনয় কৰাত দুয়োটা দলেই পৰিপক্ক৷ দেশৰ হিন্দী বলয়ৰ গৰিষ্ঠসংখ্যক উচ্চবৰ্ণৰ হিন্দু জনতাক কংগ্ৰেছ দলে দীৰ্ঘদিন কৰি অহা অবহেলা, হিন্দু ধৰ্ম আৰু ঐতিহ্যৰ সুৰক্ষাৰ প্ৰতি কংগ্ৰেছে দেখুওৱা নিলিপ্ততা, ইন্দিৰা গান্ধীৰ স্বৈৰাতান্ত্ৰিক শাসন, কংগ্ৰেছৰ তীব্ৰ মুছলমান তোষণ আদিক মূলধন হিচাপে লৈ ১৯৮০ দশকৰ পৰা হিন্দুত্বৰ আবেগ সঞ্চাৰ কৰি বিজেপি দলে আজি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত অপ্ৰতিদ্বন্দ্ব্বী শক্তি ৰূপে নিজক প্ৰতিষ্ঠা কৰিলেহি৷ এই সুদীৰ্ঘ যাত্ৰাকালত বিজেপি দল আৰু ইয়াৰ ভাতৃ সংগঠনবোৰে সু-শাসনৰ আত্মাস্বৰূপ যুক্তি (reason)ক অসংখ্যবাৰ পাছলৈ ঠেলি আবেগক অগ্ৰাধিকাৰ দি কৰ্মসূচী গ্ৰহণ আৰু ৰূপায়ণ কৰি আহিছে৷ এল কে আদৱানিৰ ৰথযাত্ৰাৰ পৰা, বাবৰি মছজিদ ধ্বংস আৰু ৰামমন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত হৈ নৰেন্দ্ৰ মোডীৰ বল্লভ ভাই পেটেলৰ বিশ্ববিখ্যাত মূৰ্ত্তি নিৰ্মাণ কৰালৈকে বিজেপিয়ে সুকৌশলেৰে জনতাৰ আবেগক হাতৰ মুঠিত ধৰি ৰাখি সেয়া মতদানলৈ ৰূপান্তৰিত কৰি ক্ষমতা কেন্দ্ৰীক পৰিপক্ব ৰাজনীতি কৰি দেখুৱাইছে৷ ক্ষমতা আহৰণৰ বাবে বহু সময়ত ভয় ভীতি প্ৰদৰ্শন কৰা, ধনবল প্ৰয়োগ কৰা এতিয়া যেন স্বীকৃত পন্থা৷ গণতন্ত্ৰৰ বাবে আবেগ ক্ষতিকাৰক নে লাভ দায়ক এয়া বিতৰ্কিত বিষয়৷ কিন্তু জনতাৰ আবেগ-অসন্তুষ্টি, উৎকণ্ঠা (anxiety )ক পুঞ্জীভূত কৰি তাক মতদানলৈ ৰূপান্তৰিত কৰা পদ্ধতিটো আমেৰিকাৰ দৰে দেশতো ৰাজনৈতিক দলে ব্যৱহাৰ কৰে৷ বিগত ২০১৭ চনৰ সাধাৰণ নিৰ্বাচনত ডোনাল্ড ট্ৰাম্পে অস্বাভাৱিকভাৱে হিলাৰী ক্লিন্টনক পৰাজয় কৰাৰ অন্তৰালত উন্নয়নৰ যুক্তিযুক্ত ৰাজনীতিতকৈ আবেগিক ৰাজনৈতিক কৌশলৰ অৱদানহে আছিল অধিক৷ যি দৰে ২০১৪ ৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোডীয়ে জাতি-ধৰ্ম, ইতিহাস, ঐতিহ্যৰ ওপৰত দেশৰ গৰিষ্ঠসংখ্যক হিন্দু জনতাৰ আবেগক উতলাই দিছিল আৰু সেয়া লাহেকৈ ভোটলৈ ৰূপান্তৰিত কৰি দেশৰ ক্ষমতা কংগ্ৰেছৰ হাতৰ পৰা কাঢ়ি আনিব পাৰিছিল৷         আমাৰ দেশত ক্ষমতা লাভৰ বাবে আবেগিক ৰাজনীতি কৰাৰ সমানে সমানে যে নিৰ্বাচনসমূহত  নীতি বহিৰ্ভূতভাৱে কোটি কোটি টকাৰ লেনদেন হয় সেয়া অ’পেন ছিক্ৰেট কথা ৷ ৰাজনৈতিক দলবোৰক এই বৃহৎ অংকৰ টকাবোৰ যে দেশ বিদেশৰ পুঁজিপতি কিছুমানে যোগান ধৰে সেয়া সকলোৱে জনা কথা৷ ফলত সাধাৰণ জনতাৰ ভোটেৰে নিৰ্বাচিত চৰকাৰখনে পুঁজিবাদী দেশ নোহোৱা স্বত্বেও সাধাৰণ জনতাৰ স্বাৰ্থলৈ পিঠি দি শেষত গোপনে বা কুটকৌশলেৰে পুঁজিবাদী শক্তিসমূহৰ স্বাৰ্থত কাম কৰি যাবলৈ বাধ্য হয় যাক ক্ৰোনী কেপিলেলিজিম বুলি অভিহিত কৰা হয়৷ আজি আমাৰ দেশৰ অৱস্থা এয়েই ৷ দলবোৰে সেয়ে পুনঃক্ষমতা আহৰণৰ বাবে ভোটাৰক জাতি-ধৰ্মৰ আবেগেৰে সংঘবদ্ধ কৰাৰ বিকল্প পদ্ধতি নথকা হয়৷ বিগত ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি দলে পুঁজিপতিসকলৰ পৰা পৰ্বতসম টকা লৈ নিৰ্বাচনত নামিছিল বুলি বাওঁ শিবিৰে নিজৰ মুখপত্ৰত মুকলি অভিযোগ ৰাখিছিল৷ ৰাজনৈতিক দলসমূহে পুঁজিপতিসকলৰ পৰা লাভ কৰা বৃহৎ পৰিমানৰ ধন নিজ দলৰ সপক্ষে কাম কৰাৰ আৰ্জি দি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভখ্যাত সংবাদ মাধ্যম, ন্যায়পালিকাৰ অন্তৰ্গত পুলিচ প্ৰশাসন, কাৰ্য পালিকাৰ অন্তৰ্গত উচ্চপদস্থ বিষয়া আমোলা আদিকো বিতৰণ কৰে বুলি সততে অভিযোগ শুনা যায়৷ আনকি ধৰ্মীয় নেতা, জাতীয় সংগঠনৰ নেতা, উগ্ৰপন্থী সংগঠন, মৌলবাদী শক্তিসমূহেও সেই টকাৰ ভাগ পাই বুলি সচেতন নাগৰিকে সন্দেহ কৰি আহিছে৷ গতিকে, আজিৰ এনে মূল্যবোধহীন ৰাজনৈতিক ব্যৱস্থাত দৰিদ্ৰ ৰাইজৰ লগত কোনো নাই৷ কোনো দলেই যুক্তিৰ ৰাজনীতি বা জনতাৰ কল্যাণ মঙ্গলৰ ৰাজনীতি কৰাতো ইচ্ছুক নহয়৷ জাত-পাত-সম্প্ৰদায়ৰ ভিত্তিত সমাজখন ভাগ ভাগ কৰি, ভোটাৰক প্ৰকৃত অৱস্থা আৰু ঘটনাৰ উমান নিদি, তীব্ৰ আবেগ সঞ্চাৰেৰে মোহান্ধ কৰি ভোট আহৰণেৰে ক্ষমতা লাভৰ বাদে পুঁজিপতিৰ পকেটত বন্দী ৰাজনৈতিক দলবোৰৰ সন্মুখত আন পথ নাই৷ এনে পৰিস্থিতিত দৰিদ্ৰ, দুৰ্গত ৰাইজৰ উন্নয়ন পৰ্বতত কাছকণী বিচৰাৰ সদৃশ৷       আমি চকুৰে দেখি থকাতে বিগত মনমোহন সিংহৰ কংগ্ৰেছী আমোলৰ দুটা কাৰ্যকাল (২০০৪-২০১৪) আৰু পৰবৰ্তী নৰেন্দ্ৰ মোডীৰ আজিৰ সময়খিনিলৈকে ছবছৰীয়া কাৰ্যকালত দেশত কোটি কোটি দৰিদ্ৰ নিপিড়িত লোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন কিমান হ’ল? কৃষক-শ্ৰমিক, নিবনুৱাসকলৰ যি সমস্যা, প্ৰাকৃতিক দুৰ্যোগৰ যি সমস্যা সকলো একেই থাকিল৷ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ মৰণমুখী যাত্ৰা অব্যাহত থাকিল৷ কৃষক শ্ৰমিকৰ আত্মহত্যাৰ পৰিসংখ্যা নকমিল৷ আনবোৰ বাদেই ৰে’লৱে, প্ৰতিৰক্ষা খণ্ডতো এশ শতাংশ প্ৰত্যক্ষ বিদেশী পুঁজিৰ বিনিয়োগৰ দুৱাৰ মুকলি কৰিবলৈ চৰকাৰ আজি উদ্যত হৈ আছে৷ নেহৰুৰ দিনৰ মিশ্ৰিত অৰ্থনীতিৰ ফলপ্ৰসূ সুত্ৰক আওকাণ কৰি ১৯৯১ চনৰ পৰাই তদানীন্তন বিত্তমন্ত্ৰী ড° মনমোহন সিঙৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা উদাৰীকৰণ নীতিৰ ফলত দেশলৈ বিদেশী আৰু বহুজাতিক সংস্থাসমূহৰ পুঁজি হোৰাহোৰে আহিবলৈ লাগিল৷ নৱ্য উপনিবেশীক শক্তিসমূহৰ ওচৰত আঁঠু লৈ দেশৰ ইখনৰ পাছত সিখন চৰকাৰে পুনৰাই পৰাধীনতাৰ শিকলি পিন্ধিবলৈ যেন খৰ খোজেৰে আগবাঢ়িছে৷ আজিৰ প্ৰতিখন চৰকাৰেই পুঁজিপতিসকলৰ স্বাৰ্থত কাম কৰি, দেশৰ সম্পদ, মাটি-ভেটি ব্যৱসায় সকলো গটাই দি দৰিদ্ৰ জনসাধাৰণক জাতি-ধৰ্ম, গোষ্ঠী-সম্প্ৰদায়ত ভাগ ভাগ কৰি বন্ধ বিল এখনত যেন সাঁতুৰি নাদুৰি, নিজৰ ভিতৰতে দবৰা দবৰি কৰি মৰিবলৈহে এৰি দিছে৷ ৰাইজো বাৰুকৈয়ে নিচাসক্ত হৈছে৷ অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষিকৰ্ম, পশুপালন, বেপাৰ বাণিজ্য, অধ্যয়ন-উদ্ভাৱন সকলোলৈকে পিঠি দি কৰ্পৰেট গোষ্ঠীৰ ৰক্ষক চৰকাৰৰ উৎসৱ অনুষ্ঠানবোৰত ফটাঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাছি আছে৷ বিনিময়ত বিনামূলীয়া চাউল-আটা, আঁঠুৱা-কম্বল, এককালীন সাহায্য, একোঠলীয়া ঘৰ লাভ কৰি মেৰা ভাৰত মহান বুলি গদগদ হৈ পৰিছে৷     প্ৰাকৃতিক সম্পদেৰে চহকী আৰু জনগাঁথনিগতভাৱে বৈশিষ্ট্যপূৰ্ণ আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন ভাৰতৰ ভিতৰতে সৰ্ব নিম্ন৷ স্বাধীনতা লাভৰ পৰা সৰ্বাধিক কাল কংগ্ৰেছে শাসন কৰা ৰাজ্যখনত ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা ছবছৰীয়া বিদেশী বিতাৰণ আন্দোলনৰ অন্তত অসম গণ পৰিষদ দলে মোটামুটি দুটা কাৰ্যকাল লাভ কৰি ৰাজ্য শাসন কৰিছিল৷ সিফালে ধৰ্মীয় আবেগক ভিত্তি কৰি ইউএমএফ দলৰো গঠন হৈছিল৷ বিপুল আবেগক মুলধন কৰি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে অগপই দুটা কাৰ্যকালত চৰকাৰ প্ৰতিষ্ঠা কৰিও নকৰিলে যুক্তিৰ এধানিমান ৰাজনীতি৷ ২০০৫ চনত কংগ্ৰেছী বংগ মুলৰ সংখ্যালঘু ভোটাৰসকলক ফালৰি কাটি নি আই এম ডি টি আইন বাতিলৰ বিৰোধ কৰি বদৰউদ্দিন আজমলৰ নেতৃত্বত মুছলমান কেন্দ্ৰীক এআইইউডিএফৰ উত্থান ঘটিল৷ ধৰ্মীয় আবেগক মুলধন কৰিয়ে আজিও বদৰউদ্দিন আজমল আৰু এআইইউডিএফ দল অসমৰ ৰাজনীতিত প্ৰাসংগিক হৈয়ে আছে৷ তৰুণ গগৈয়েও “হু ইজ বদৰউদ্দিন” বুলি কৈ অসমীয়া আৰু হিন্দুৰ আবেগত টংকাৰ দি তৃতীয়টো কাৰ্যকাল (২০১১-২০১৬)ৰ বাবে ৰাজ্যৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ দৰাচলতে, “হু ইজ বদৰুদ্দিন” বুলি কৈ তৰুণ গগৈয়ে যি থলুৱা অসমীয়া আৰু হিন্দু সম্প্ৰদায়ৰ ভোট পুঞ্জীভূত (concentrate) কৰিবলৈ সক্ষম হৈছিল আৰু বদৰউদ্দিনক অসমীয়াৰ বৈৰী বুলি প্ৰতিষ্ঠা কৰিছিল তাৰ লাভ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত সৰ্বানন্দ সোনোৱাল আৰু ন-বিজেপি হিমন্ত বিশ্ব এণ্ড কোম্পানীৰ নেতৃত্বৰ ৰাজ্যিক বিজেপিয়ে পুৰাদমে উঠাই লৈছিল৷ তেওঁলোকে হিন্দুত্ব আবেগৰ জোৱাৰ উঠোৱাৰ সমানে সমানে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষা, ঐক্যবদ্ধ ৰাজনীতিৰ গুৰুত্বৰ দিশটো সংযোগ কৰি ব্যাপক প্ৰচাৰ কৰিছিল ৷ ২০২১ত বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি থলুৱা ৰাইজক ভীতিগ্ৰস্ত কৰি বিজেপিৰ সপক্ষে সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷        এতিয়া, প্ৰশ্ন হৈছে এই সুদীৰ্ঘ কালৰ আবেগিক ৰাজনীতিৰ অন্ত কেতিয়া হ’ব? এনে ৰাজনীতিয়ে দৰিদ্ৰ-নাৰায়ণৰ জীৱনলৈ বা আমাৰ ৰাজ্যখনলৈ কি গুণগত পৰিবৰ্তন আনিব পাৰিলে? নেতিবাচক প্ৰভাবেৰে সমগ্ৰ দেশ জৰ্জড়িত হৈ বিধস্ত হ’ল জনতা জনাৰ্দন ৷ আমাৰ ৰাজ্যৰ সমাজখনো হিন্দু মুছলমান ভিত্তিত দ্বিমেৰুত বিভক্ত হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে হঠাতে গ্ৰহণ কৰা বিমুদ্ৰাকৰণ, জি এছ টি, পৰিকল্পনা আয়োগ ভংগ, আদি পদক্ষেপে দেশলৈ কোনো ইতিবাচক পৰিবৰ্তন অনা নাই বুলি বিজ্ঞ সমাজে সমালোচনা কৰিছে৷ বৰং বিমুদ্ৰাকৰণে ক্ষুদ্ৰ ব্যবসায়ী আৰু সাধাৰণ ৰাইজক ব্যতিব্যস্ত কৰিছে৷ ৰাম মন্দিৰৰ সপক্ষে ৰায়, তিনতালাক নিষিদ্ধ, জন্মু কাশ্মীৰৰ পৰা ৩৭০অনুচ্ছেদ বাতিল, নাগৰিকত্ব সংশোধনী বিল গ্ৰহণ, অসমৰ এন আৰ চি, ঘোষিত এন আৰ পি সকলোতে সাম্প্ৰদায়িক আবেগ সনাপোটোকা কৰি শাসকীয় দলে বাৰে বাৰে ভোট কেন্দ্ৰীক আবেগিক  ৰাজনীতি সন্তৰ্পণে আগবঢ়াই নি আছে৷ উন্নয়ন আৰু প্ৰগতিৰ বাবে যুক্তিৰ ৰাজনীতি কেতিয়া আহিব? জনতাই কংগ্ৰেছৰ দুৰ্নীতি আৰু অনুন্নয়ন ৰাজনীতিৰ অবসান বিচাৰিহে বিজেপি দলক হিলদলভাঙি ভোট দি জয়যুক্ত কৰিছিল! অসমতো অসমীয়া থলুৱা ৰাইজে ৰাজ্যৰ দীৰ্ঘদিনীয়া জ্বলন্ত বিদেশী সমস্যা সমাধান, অসমচুক্তিৰ ৰূপায়ণ, খিলঞ্জীয়াৰ ৰক্ষা কবচ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বৃহৎ নদীবান্ধ বিৰোধিতা, বন্ধহৈ থকা উদ্যোগ কেইটাৰ পুনৰ্জীৱিতকৰণ, আন্তঃৰাষ্ট্ৰীয় সীমা চীল, ব্ৰহ্মপুত্ৰৰ নিয়ন্ত্ৰণ, নিবনুৱা সমস্যাৰ সমাধান, বনাঞ্চল আৰু চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ, দুৰ্নীতি-স্বজন-তোষণ নিৰ্মূল, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰাপ্য মৰ্যাদাৰ বিচাৰিহে বিজেপি মিত্ৰ দলক ক্ষমতাৰ বাঘজৰী তুলি দিছিল৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথাই উল্লেখ আছিল! তেনে আজি অসমীয়াই কিয় আকৌ অস্তিত্বৰ সংকটত ভুগি ৰাজপথত আন্দোলন কৰিব লগা হ’ল? উঠি অহা যুৱকে জীৱন দিব লগা হ’ল কিয়? ৰাজ্য চৰকাৰখনে  কাৰ্যকালৰ প্ৰথম দিন ধৰি সকলোতে ধৰ্মীয় আড়ম্বৰ প্ৰদৰ্শন, নমামী উৎসৱ, মহাৰুদ্ৰযজ্ঞ, পুষ্কৰ মেলা অনুষ্ঠিত কৰি ৰাজকোষৰ হেজাৰ কোটি  টকা ব্যয় কৰি একাংশ ৰাইজৰ আবেগ অনুভূতি জয় কৰিছে ঠিকেই কিন্তু ৰাইজক দিয়া উন্নয়নৰ প্ৰতিশ্ৰুতি আৰু জ্বলন্ত সমস্যা সমুহ সমাধান কৰি “এ ফৰ আছাম” কৰাৰ প্ৰতিজ্ঞা বাস্তৱায়িত কৰিবলৈ এখোজো আগবঢ়া দেখা পোৱা নগ’ল৷ আবেগৰ ৰাজনীতি বৰ ভয়ংকৰ৷  বিজেপি চৰকাৰখনৰো কাৰ্যকাল শেষ হও হঁও৷ ক’ৰ’ণা মহামাৰীয়েও চৰকাৰখনক কাৰ্যকালৰ অন্তিম বছৰটো সুখেৰে পাৰ হ’বলৈ নিদিলে৷ ৰাইজৰো উন্নয়নৰ সপোনো পুৰণ নহ’ল৷ আগন্তুক দিনত অগপক পৰিত্যাগ কৰাৰ দৰেই যে ৰাইজে বিজেপিৰ আবেগ সৰ্বস্ব ৰাজনীতিকো পৰিত্যাগ কৰিব তাত সন্দেহ নাই৷ফোনঃ ৯১০১৮১০৮৬২.
বিষয় শিক্ষক হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় হাৱাজান ৭৮৪১৬৯জিলা বিশ্বনাথ