উজনিৰ চিলাপথাৰ আৰু ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ গো-মাফিয়া চক্ৰৰ

উজনিৰ কুখ্যাত চোৰাং গৰু সৰবৰাহকাৰী মনোজ হাজৰিকাক গ্ৰেপ্তাৰ | শিৱসাগৰ আৰক্ষীয়ে প্ৰায় এমাহ পলাতক অৱস্থাত থকা এটা কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | এতিয়া মনোজ হাজৰিকাৰ খঙীয়াস্থ হালোৱা চুকৰ বাসগৃহত আৰক্ষীৰ অতৰ্কিত অভিযান | লগতে উজনিৰ ডিব্ৰুগড় চিলাপথাৰ আৰু শিৱসাগৰ ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ কৰিছে গো-মাফিয়া চক্ৰই |

ডিমৌৰ উদয়পুৰ, শিৱসাগৰৰ দিচাংমুখ, ৰিৰিয়া আৰু বাগল হৈছে চোৰাং গৰু গোপন সৰবৰাহৰ মুখ্য কৰিড’ৰ | যাক লৈ ৰাজ্যত এতিয়া আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটাৰ সংকা কৰা হৈছে | উল্লেখ্য যে যোৱা 5 মে তাৰিখে ডিমৌ আৰক্ষীয়ে AS 01 NC 1834 নম্বৰৰ ট্ৰাকত 845 কাৰ্টুন অবৈধ অৰুণাচলী সুৰা লগতে ৱিকি দাস আৰু ৰামবিৰ যাদৱক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল | য’ত নাম সাঙুৰ খাইছিল মনোজ হাজৰিকাৰ | ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰিছিল হাজৰিকাই | এই অভিযোগ উঠাৰ পাছতে দলৰ পৰা অব্যাহতি দিয়া হল মনোজ হাজৰিকাক | আনহাতে আৰক্ষীয়ে দাবী কৰা অনুসৰি আটকাধীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ নং 14/2024 ভাৰতীয় দণ্ডবিধি 379/420/34 IPC আৰু অসম অৱকাৰী আইনৰ 1910ৰ অধীনত RW 53-1(A) ধাৰাত গোচৰ ৰুজু হৈ আছিল | এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে তথা ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

Related Articles