Breaking

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক চবিন পল দাস…

0 2,090

ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে যদিও একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লিপ্ত হৈ আহিছে দুৰ্নীতিৰ সৈতে। প্ৰায় প্ৰতিদিনে ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হৈছে চৰকাৰী কৰ্মচাৰী। এইবাৰ ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক।

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছে সহকাৰী উপ-পৰিদৰ্শক চবিন পল দাস। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে আৰক্ষী বিষয়াগৰাকী। মাটিয়া আৰক্ষী থানাত কৰ্মৰত আছিল চবিন পল দাস। থানাৰ ভিতৰতে ৩০ হাজাৰ টকা ঘোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জালত পৰে ঘোচখোৰ আৰক্ষী বিষয়া গৰাকী।

Leave A Reply