Breaking

ওদালগুৰিত আইনী সেৱা প্ৰাধীকৰণৰ উদ্যোগত কাৰাগাৰত কাৰাবন্দী লোকসকলৰ মাজত কম্পিউটাৰৰ প্ৰাথমিক শিক্ষাৰ প্ৰশিক্ষণ

0 77

ওদালগুৰিত জিলা আইনী সেৱা প্ৰাধীকৰণে কাৰাবন্দী লোকসকলৰ মাজত কম্পিউটাৰ, হস্ত নিৰ্মিত সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ স্ৱাৱলম্বী মূলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে ওদালগুৰি জিলা আইনী সেৱা প্ৰাধীকৰণৰ উদ্যোগত আৰু এম আৰ এছ ডি এন জি ও ৰ সহযোগত ওদালগুৰি জিলা কাৰাগাৰত কাৰাবন্দী লোকসকলৰ মাজত কম্পিউটাৰৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান এটাৰ আয়োজন কৰা হয়।

জেইলৰ পৰা ওলাই আহি কয়দী সকলে যাতে আকৌ বিপথে পৰিচালিত নহয় আৰু স্বাবলম্বী হৈ সুস্থ জীৱন নিৰ্বাহ কৰিব পাৰে সেই উদ্দেশ্যে উক্ত অনুষ্ঠান আয়োজন কৰা হৈছে বুলি মিলন দাসে জানিবলৈ দিয়ে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply