Breaking

ক্ৰীড়া ক্ষেত্ৰত সফলতাৰ শিখৰত মিংমাং নলবাৰী হাইস্কুলঃ পদকপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

0 59

ধেমাজি জিলাৰ গোগামুখৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ নাম হৈছে মিংমাং নলবৰী হাইস্কুল ৷ ঐতিহ্যমণ্ডিত বিদ্যালয়খনে এই বৰ্ষত ক্ৰীড়া ক্ষেত্ৰত সাফল্যৰ শিখৰৰ চুবলৈ সক্ষম হৈছে ৷ ৰূপালী জয়ন্তী বৰ্ষ গৰকা অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত বিদ্যালয়খনে চলিত বৰ্ষত ক্ৰীড়াক্ষেত্ৰত গোগামুখৰ লগতে সমগ্ৰ ধেমাজি জিলাক গৌৰৱান্বিত কৰিছে ৷ কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত বিদ্যালয়খনৰ সাতগৰাকী ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈ ৰেষ্টলিঙত সাতটা পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰে এটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক আছে ৷ অন্য এক আনন্দ আৰু গৌৰৱৰ বিষয় যে, চলিত বৰ্ষৰ চলিত আগষ্ট মাহৰ প্ৰথম সপ্তাহত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা আন্তঃজিলা পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাতো ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰি বিদ্যালয়খন ছাত্ৰ তথা খেলুৱৈ সকলে ছেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উক্ত সাফল্যৰ আৰঁত আছে গোগামুুখ স্পৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক গেৰেমছা দৈমাৰী আৰু গোগামুখ স্পৰ্ট একাডেমীৰ খেলুৱৈ তথা গোগামুখ নলবাৰীৰ গোবিন্দপুৰৰ তনয়া ধমনী উজীৰ ৷ আজি শনিবাৰে মিংমাং নলবাৰী হাইস্কুলৰ তৰফৰ পৰা খেলুৱৈ সকলৰ লগতে গেৰেমছা আৰু ধমনীকো সম্বৰ্ধনা জনোৱ হয় ৷ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সমৰেন নাৰ্জাৰীয়ে ৷ অনুষ্ঠানটো উদ্বোধন কৰে ৰাজ্যিক ফুটবল খেলুৱৈ বিমল স্বৰ্গীয়াৰীয়ে ৷ অনুষ্ঠানটোত উপস্থিত থাকে ধেমাজি জিলা ধেমাজি জিলা প্ৰগ্ৰাম অফিচাৰ অৱনী নাথ, খণ্ড সমন্বয়ক প্ৰণতিা দেৱী চি আৰ চি চি দুলাল বৰুৱা, বিদ্যালয়খনৰ সহকাৰী শিক্ষক ক্ৰমে ধৰণী বসুমতাৰী, মহেশ্বৰ নাৰ্জাৰী, ধাৰ্মিক বসুমতাৰী, বসন্ত দাস আদিয়ে ৷ অনুষ্ঠানটো সমগ্ৰিকভাৱে পৰিচালনা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সমৰেণ নাৰ্জাৰীয়ে ৷

Leave A Reply