Breaking

গৌৰীপুৰত এ আই ইউ ডি এফ দলৰ বিধায়ক নিজানুৰ ৰহমানে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি পালন কৰিলে কাৰ্যসূচী

0 67

V.O :- দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰি অহা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানে পদযাত্ৰা কাৰ্যসূচী পালন কৰে ৷ এই কাৰ্যসূচীৰ  লগত সংগতি ৰাতিপুৱা দহ বজাত আৰম্ভ কৰা সজাগতা শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিধায়ক ৰহমানে ৷ বিধায়কৰ লগতে এ আই ইউ ডি এফৰ দলীয় নেতাকৰ্মীয়ে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰা এই বৃহত্তৰ পদযাত্ৰাত গৌৰীপুৰ নগৰৰ বিভিন্ন ওৱাৰ্ডৰ প্ৰায় ছয় কিলোমিটাৰ দীঘলীয়া পদযাত্ৰা কাৰ্যসূচী পালন কৰে। ইমান দীঘলীয়া পথ পৰিভ্ৰমণ কৰি “হৰ-ঘৰ- ত্ৰিৰংগা” কাৰ্যসূচী সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰে।

Leave A Reply