চাপৰত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত সা-সামগ্ৰী বিতৰণ । ALIMCO

চাপৰ, ৬ ফেব্ৰুৱাৰীঃ বিলাসীপাৰা সম জিলাৰ চাপৰত এলিমকোৰৰ (ALIMCO) উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলৰ সহায়ৰ উদ্দেশ্যে এখন বিশেষ কেম্প অনুষ্ঠিত হৈছিল। যোৱা ১ অক্টোবৰ অনুষ্ঠিত এই কেম্পত ২৭২ জন বিশেষভাৱে সক্ষম লোক উপস্থিত থাকে। তাৰে পৰা ২২৬ জনৰ বাবে কাণৰ মিছিন, ট্ৰাইচাইকেল, লাখটি, হুইল চিয়াৰ, মটৰ থকা চাইকেল আদিসহ বিভিন্ন সা-সামগ্ৰী নিৰ্বাচিত কৰা হয়।

চৰকাৰৰ অনুমতিক্ৰমে, এই সামগ্ৰীসমূহ চাপৰ শালকোচা শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ৪ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ১৮৪ জন বিশেষভাৱে সক্ষম লোকৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে। বাকী থকা সামগ্ৰীসমূহ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বিতৰণ শেষ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।

বিষয়াগৰাকীয়ে নিজ হাতেৰে সামগ্ৰীসমূহ বিতৰণ কৰি বিশেষভাৱে সক্ষম লোকসকলৰ সহায় কৰিবলৈ পোৱাৰ সুযোগত আনন্দিত হোৱা কথা প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে, চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত অধিক লোকৰ সহায়ৰ বাবে পৰৱৰ্তী সময়তো এলিমকোৰৰ সহযোগত এই ধৰণৰ পদক্ষেপ হাতত লোৱা হ’ব।

এই বিনামূলীয়া সহায়ৰ বাবে বিশেষভাৱে সক্ষম লোকসকল লগতে বিলাসীপাৰা সমজিলা ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচ’ছিয়েশ্যনৰ পক্ষৰ পৰা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। এই পদক্ষেপে বিশেষভাৱে সক্ষম লোকসকলৰ জীৱনমান উন্নত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

Related Articles