Breaking

তলি ফুটা দুখলপীয়া জাহাজেৰে নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ প্ৰচেষ্টা

0 18


লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত আজি পুৱাই এখন কোটি টকীয়া জাহাজ ডুব যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে আজি এই দুৰ্ঘটনাটোত নাওখনত শুই থকা ১১ জনকৈ লোকৰ কোনোমতেহে জীৱন ৰক্ষা পৰে৷ ইফালে আজি পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত অত্যাধুনিক যন্ত্ৰৰ সহায়ত সোৱণশিৰিত ডুবন্ত জাহাজখন উদ্ধাৰৰ বাবে ‘অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে’ প্ৰাণপণে চেষ্টা কৰিছে যদিও সন্ধিয়া পৰ্যন্ত জাহাজখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ ঘাগৰ-ঘূনাসুঁতি ঘাটত যোৱা নৱেম্বৰ মাহৰ পৰা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে ৩৮০ কোটি টকীয়া পকী দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ চলাই আহিছে আৰু সেই কামৰ বাবে বিগত প্ৰায় চাৰিদিনমানৰ পূৰ্বে গুৱাহাটীৰ পৰা কোটিটকীয়া ‘এম টি বীৰদত্ত’ নামৰ যন্ত্ৰচালিত জাহাজখন নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বাবে ঘূনাসুঁতি ঘাঁটলৈ অনা হয়৷

সেইমৰ্মে প্ৰায় চাৰিদিন পূৰ্বে ঘূনাসুঁতি ঘাটত আহি পোৱা ‘এম টি বীৰদত্ত’ই সোৱণশিৰি নদীত পাইচাৰী কৰাৰ পিছত যোৱানিশা ঘাগৰঘাটত ৰাখি থোৱাৰ সময়তে এই বৃহৎ দুখলপীয়া জাহাজখন আজি কাহিলিপুৱাতে সোৱণশিৰি নদীত সম্পূৰ্ণৰূপে ডুব যায়৷ খবৰ অনুসৰি কোটি কোটি টকীয়া এই জাহাজখনৰ তলভাগত ফুটা থকাৰ বাবেই উক্ত ফুটাৰে পানী সোমাই আজি পুৱা ৬.৩০ মান বজাত জাহাজখন সোৱণশিৰিত ডুব যায়৷ এই ঘটনাৰ পিছতে মহাইজান অঞ্চলত হুৱাদুৱাৰ সৃষ্টি হয় যদিও দৈৱ্যক্ৰমে জাহাজখনত শুই থকা ১১ জন কৰ্মচাৰী মৃত্যুৰ পৰা ৰক্ষা পৰে৷ এই ঘটনাৰ পিছতে কোম্পানীটোৱে বিভিন্ন সা সৰঞ্জাম সহায়ত জাহাজখন উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে যদিও আজি সন্ধিয়া পৰ্যন্ত জাহাজখন সামান্য পৰিমাণেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়াও জাহাজখন সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই৷ উক্ত দুখলপীয়া জাহাজখন ঘাগৰ-ঘূনাসুঁতি ঘাটত নিৰ্মীয়মান পকী দলঙৰ সামগ্ৰী নদীৰ বুকুত সৰবৰাহৰ বাবেই কোম্পানীটোৱে লীজত অনা বুলি এক সূত্ৰই সদৰি কৰিছে৷ উল্লেখ্য যে ২০২৩ বৰ্ষতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা সোৱণশিৰি নদীৰ ঘাগৰ ঘূনাসুঁতি ঘাটৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়াও অতি লেহেমীয়া গতিতে আছে৷ অসম মালাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা দলংখনৰ মুঠ ৪১ টা খুটাৰ ভিতৰত ৬ খুটাহে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এটা খুটাও এই পৰ্যন্ত সম্পূৰ্ণ কৰিব পৰা নাই ‘অনুপম প্ৰাইভেট লিমিটেড’ নামৰ কোম্পানীটোৱে৷

Leave A Reply