Breaking

তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ এজাহাৰ…

0 2,147

তাই আহোম ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি নেত্ৰী আংগুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ অসমৰ ভূমি পুত্ৰ  প্ৰাচীনতম কলিতা জনগোষ্ঠীক নানা তিৰ্য্যক মন্তব্য কৰা কাৰ্য্যৰ বিৰূদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে গৰিহণা দিয়াই নহয় জাঙুৰ খাই উঠিছে।লগতে শুক্ৰবাৰে নিশাই সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন সাধাৰণ সম্পাদক প্ৰতুল কলিতাসহ এটি সঁজাটি দলে তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাধৱ কোঁৱাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।উল্লেখ‍্য যে যোৱা ৫ আগষ্টত  তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ  যাদব কোঁবৰ নামৰ লোকজনে সংবাদ মাধ্যমৰ জৰিয়তে আংগুৰলতা ডেকা ইতিহাস নথকা জনগোষ্ঠীৰ নৰ্তকী বুলি কোৱাৰ লগতে ইতিহাস নথকা  ঢেকেৰী জনগোষ্ঠীৰ বুলি বাৰে বাৰে উল্লেখ কৰি কলিতা জনগোষ্ঠীটোক চুড়ান্ত অপমান কৰিছে।  তাই আহোম ছাত্ৰ সন্থাই জনা উচিত আহোমে ১২২৮ চনত অসম আক্ৰমণ কৰিবলৈ আহি  বৰ অসমৰ মতা হ’ব বিচাৰিছে ।

অসমৰ কলিতা আলপাইন সকল যে ভূমি পুত্ৰ তাৰ উদাহৰণ অসমীয়া ভাষা। কলিতাই  সৃষ্টি কৰা অসমীয়া ভাষাটোক লৈ ফিতাহী মাৰি অসমৰ মুধাফুটা  নেতাগিৰী কৰাটো কলিতা সকলে কোনো কালে সজ্য নকৰে  ।  আহোমৰ উপদ্ৰৱত এদিন শংকৰদেৱৰ আৰু মাধৱদেৱে গুৰু দুজনা প্ৰান ৰক্ষাৰ বাবে পলাব লগা হৈছিল । এই কলংকৰ কথা অইনে পাহৰি গলেও কলিতা আলপাইন জনগোষ্ঠী য়ে পাহৰি যোৱা নাই । সেয়েহে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে তেওঁলোকক ২৪ ঘন্টা সময় দিছোঁ, অহা ২৪ ঘন্টাৰ ভিতৰত যদি  তাই আহোম ছাত্ৰ সন্থাই ক্ষমা নোখোজে তেতিয়া হ’লে তেওঁলোকে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে।লগতে কালি সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন,নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতাই তাই আহোম ছাত্র সন্থাৰ মুখপাত্ৰ যাধৱ কোঁৱৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।  ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতি সমূহক যাদব কোঁবৰ নামৰ লোক জনৰ ওপৰত এজাহাৰ দিয়াৰ বাবে প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে।।

Leave A Reply