১৫ ফেব্ৰুৱাৰী, ২০২৫ঃ Titabar । তিতাবৰত বুধবাৰে উদযাপন কৰা হয় ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু সন্মিলনীৰ বগাৰ গাঁও প্ৰাথমিক শাখাৰ আতিথ্যত বগাৰগাঁৱৰ মহেশ্বৰ ৰাজখোৱা সোঁৱৰণী ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মহাবীৰ চিলাৰায় দিৱস।
সন্মিলনীৰ পতাকা উত্তোলনেৰে মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি নৰেন বৰাই। তাৰ পাছত, অৱসৰপ্ৰাপ্ত শিক্ষক বেণুধৰ শইকীয়াই স্মৃতি তৰ্পণ আৰু মাণিক হাজৰিকা আৰু সাগৰ বৰুৱাই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। অৱসৰপ্ৰাপ্ত অধ্যাপক বুধীন দত্তই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত আংশগ্ৰহণ কৰে।