তেজপুৰত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱস


ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় শিল্পী ,গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোৰ বিয়লি পুৰোধা শিল্পী গৰাকীৰ তেজপুৰৰ স্মৃতি বিজড়িত ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত শিল্পী গৰাকীৰ সৃষ্টি ৰাজিৰ বিশ্লেষণ ,জীৱনাদৰ্শৰ আলোকপাত আৰু শিল্পী গৰাকীৰ কালজয়ী গীত আৰু গীত আধাৰত দৃষ্টিনন্দন নৃত্যৰে মুখৰিত হৈ পৰে ।উল্লেখ্য যে ,পাৰ্বতি প্ৰসাদ বৰুৱাৰ সৃষ্টি ৰাজিৰ লগতে অসমৰ হেৰাই যাবলৈ ধৰা আন শিল্পীৰ সোণসেৰীয়া গীত সমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ অৰ্থে বিগত সময়ত বিশেষ পদক্ষেপ গ্ৰহন কৰি অহা শিৱসাগৰৰ সামাজিক -সংস্কৃতিক অনুষ্ঠান “জোনাকী বাট “ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ তেজপুৰৰ জ্যোতি ভাৰতীৰ সহযোগত আজি বিয়লিৰ পৰা জ্যোতি ভাৰতী অৰ্থাৎ “পকী “ৰ ৰূপকোঁৱৰ মঞ্চত অনুষ্ঠিত হয় পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱসৰ গীতে মাতে এক বিশেষ অনুষ্ঠান ।জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনে আঁত ধৰা আৰু আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট কন্ঠশিল্পী ,অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ।

নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰা বিশিষ্ট গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে “জোনাকী বাট “শীৰ্ষক অনুষ্ঠানৰ সভানেত্ৰী প্ৰণতি বৰুৱাই ।সভানেত্ৰী বৰুৱাই কায়িক ভাবে পাৰ্বতি প্ৰসাদ বৰুৱাৰ সান্নিধ্য লাভ কৰা নাছিল যদিও তেওঁৰ সুযোগ্য শিল্পী পুত্ৰ প্ৰণৱীৰাম বৰুৱাৰ জৰিয়তে শিল্পী গৰাকীৰ সত্বাৰ সৈতে পৰিচয় লাভ কৰাৰ পিছৰ পৰাই তেওঁৰ কালজয়ী সৃষ্টি ৰাজি উত্তৰ প্ৰজন্মৰ পাথেয় কৰি তোলাৰ মানসেৰে সেই সৃষ্টি সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ স্মৃতি জড়িত হৈ থকা পকীত এইবাৰৰ অনুষ্ঠান আয়োজন কৰিবলৈ পাই ধন্য হোৱাৰ কথা সদৰি কৰে ।আনহাতে অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰা প্ৰখ্যাত গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই শিল্পী গৰাকীৰ স্মৃতিচাৰণ কৰি কয় -তেওঁৰ প্ৰতিটো গীতত গ্ৰাম্য জীৱনৰ প্ৰতিটো দিশ পৰিস্ফুট হৈ পৰিছিল ।গীত সমূহত থলুৱা শব্দৰ সমাহাৰ ঘটাই অসমীয়া চহকী ভাষাৰ চিনাকি দিবলৈ সক্ষম হৈছিল ।তেঁওলোকে ৰচনা কৰা সমূহ গীত আছিল আৰু আজি গীতৰ সলনি সৃষ্টি হৈছে গানৰ ।গীত আৰু গানৰ পাৰ্থক্য দাঙি ধৰি বংকিম শৰ্মাই আজিৰ প্ৰজন্মই গীততকৈ গানকহে অধিক প্ৰাধান্য দিয়াৰ বাবে মাধুৰ্য্যতা হেৰুৱাই পেলাইছে বুলি আক্ষেপৰে মন্তব্য কৰে ।ড০ ভূপেন হাজৰিকাৰ পৰা লোকনাথ গোস্বামী ,দুৰ্গাময়ী বৰালৈকে অনেক কন্ঠশিল্পীয়ে তেওঁৰ গীত সমূহত কন্ঠদান কৰি গৈছে বুলি কৈ অসমৰ প্ৰথমখন বোলছবি “জয়মতী “,দ্বিতীয় বোলছবি “ইন্দ্ৰ মালতী “ৰ পৰা “মনোমতী “,”ৰূপহী “আদি বোলছবিৰ গীতৰ কাম পাৰ্বতি প্ৰসাদ বৰুৱাই কৰি গৈছে বুলি কৈ ইয়াৰ ইতিহাস সংৰক্ষণৰ পদক্ষেপ এক প্ৰশংসনীয় পদক্ষেপ বুলি মন্তব্য কৰে ।

আনহাতে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিধায়ক পৃথ্বিৰাজ ৰাভাই যিসকল বৰেণ্য অসমীয়াই অসমীয়া ভাষা -সাহিত্য -সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি গৈছে সেই সকল শিল্পীৰ সৃষ্টি ৰাজি সংৰক্ষণৰ বাবে অসমীয়া লোকেই আগবাঢ়ি আহিব লাগিব বুলি কৈ “জোনাকী বাট”ৰ এনে প্ৰয়াসৰ শলাগ লয় ।পৃথ্বিৰাজ ৰাভাই পাৰ্বতি প্ৰসাদ বৰুৱাৰ “জোনাকী মেল”ত বিষ্ণুপ্ৰসাদ ৰাভাইও এসময়ত অংশ গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে ।আনহাতে অনুষ্ঠানটিত ৰূপকোঁৱৰৰ বোৱাৰী অঞ্জলি আগৰৱালা ,ৰূপকোঁৱৰৰ পৰিয়ালৰ প্ৰাণজিৎ আগৰৱালাইও পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতিচাৰণ কৰাৰ লগতে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই স্মৃতিচাৰণ কৰি ২০১৯ চনৰ পৰা অসম চৰকাৰে পাৰ্বতি প্ৰসাদ বৰুৱাৰ সোঁৱৰণত বঁটা প্ৰদান কৰা প্ৰথমটো অনুষ্ঠানত নিজে উপস্থিত থকাৰ স্মৃতি উল্লেখ কৰি প্ৰথম বঁটা প্ৰাপক গীতিকাৰ ইদ্ৰিছ আলিয়ে ভাষণত উল্লেখ কৰা অসমৰ তিনিগৰাকী প্ৰসাদৰ প্ৰসাদেৰে অসমীয়া শিল্পকলা ক্ষেত্ৰখন সদায় চহকী কৰি থৈ গৈছে বুলি কৈ জ্যোতি প্ৰসাদ ,বিষ্ণুপ্ৰসাদ আৰু পাৰ্বতি প্ৰসাদৰ প্ৰসংগৰ পৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ সৃষ্টিত অসমীয়া জাতি সত্বা নিহিত হৈ আছে বুলি মন্তব্য কৰে ।আনহাতে অসম সাহিত্য সভাই ১৯৮১ চনত পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৰচনা সমগ্ৰ প্ৰকাশ কৰাৰ পিছত ১৯৮৯ আৰু ২০১২ চনলৈকে তৃতীয় সংস্কৰণ প্ৰকাশ কৰে বুলি মন্তব্য কৰে ।উল্লেখ্য যে পাৰ্বতি প্ৰসাদ বৰুৱাৰ নাতিনী জয়তী দাস আৰু জয়ী দাসৰ লগতে “জোনাকী বাট”ৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থকা গীত মাতৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ লগতে যোৰহাটৰ ৰঞ্জন দত্ত ,গুৱাহাটীৰ ইন্দ্ৰানী গগৈ ,শিৱসাগৰৰ সুৰুজ পাটিৰি ,জয়ামণি ভৰালী ,প্ৰণতি বৰুৱা ,গুৱাহাটীৰ বিশিষ্ট শিল্পী আলেখ্য চক্ৰৱৰ্তী ,তেজপুৰৰ আলিম্পন চৌধুৰী ,জোনমণি বৰা ,প্ৰণৱ চন্দ্ৰ লহকৰ ,লক্ষীমপুৰৰ দীপা দাস হাজৰিকা ,তেজপুৰৰ বিউতি বৰা ,দিব্যাংশী কলিতা ,বীণাপাণি দেৱী ,ভাৱনা শইকীয়াই পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ দক্ষ নৃত্যশিল্পী প্ৰেৰণা বৈশ্যৰ পৰিচালনাত পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ আধাৰত নৃত্যৰে আজিৰ এই অনুষ্ঠানটি জীপাল হৈ পৰে ।

Related Articles