দৰঙৰ ধূলাত মৰেল পুলিচৰ ঘটনা

৯ জনীয়া দলে আক্ৰমন কৰিলে এজন লোকক।বাল্য বিবাহ বাধা দিব যোৱাই কাল হল লোক জনৰ।খুটাত হাত ভৰি বান্ধি মাৰপিট।দৰঙৰ ধূলাত পুনৰ মৰেল পুলিচ গিৰীৰ এক ঘটনা সংঘটিত হয়। শুক্ৰবাৰে ধূলা আৰক্ষী থানাৰ অন্তৰ্গত কেওত চুবা গাঁৱত সংঘটিত হৈছে এক আমানৱীয় ঘটনা। এজাহাৰত উল্লেখ থকা মতে কেওট চুবা গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীৰ বিয়াৰ আলোচনা চলি আছিল। গাঁও খনৰ নৌসাদ আলি নামৰ লোক এজনে এই বাল্য বিবাহৰ কথা গম পাই আৰু বাল্য বিবাহৰ বাধা দিবলৈ গৈছিল।

তাৰ পিছত যোৱা কালি নিশা গাঁও খনৰ ওমৰ আলি, অফাদ আলি, ছাইদুৰ ৰহমান, ছফিকুল ইছলাম, ছহিদুল ইছলাম, আলী হুছেইন, যাদু আলি, জুব্বাৰ আলি আৰু জৰীপ উদ্দীন নামৰ লোক কেইজনে নৌসাদ আলীক হাত ভৰি বান্ধি, খুটাত বান্ধি শাৰীৰিক নিৰ্যাতনৰ চলোৱাৰ অভিযোগ তোলে নৌসাদৰ আত্মীয়ই। নৌসাদক মাৰপিট কৰি ৰক্তাক্ত অৱস্থাত পেলাই থৈ দিয়ে আৰু ঘটনা গম পাই নৌসাদৰ পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হোৱাত লোক কেইজনে নৌসাদৰ আত্মীয়ৰ পৰা উকা দলিলত চহী লয় আৰু ধন দাবী কৰাৰ অভিযোগ তুলি লোক কেইজনৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নৌসাদৰ পত্নীয়ে।

বৰ্তমান নৌসাদ আলী মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে।আনহাতে আৰক্ষীত তদন্তৰ পিছত হে প্ৰকাশ পাব ঘটনাৰ প্ৰকৃত ৰহস্য।

Related Articles