দৰমহাৰ টকা নুজুৰে,কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত ২ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে জ্যেষ্ঠ সহায়কে

চৰকাৰে দিয়া দৰমহাৰ টকা নুজুৰে কৰ্মচাৰী -বিষয়াৰ । শিলচৰৰ কাছাৰ জিলা আয়ূক্ত কাৰ্যালয়ত ২ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে এগৰাকী জ্যেষ্ঠ সহায়কে। বুধবাৰৰ দিনা ২ হাজাৰ টকা লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই দিনা কাছাৰ জিলাৰ ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যক অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া কৰ্মচাৰীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি তেওঁক জেৰা কৰা হৈছে ।উল্লেখ্য যে, অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যৰ বিৰুদ্ধে ঘোচ দাবী কৰাৰ এক অভিযোগ লাভ কৰিছিল। ইয়াৰ পিছতেই গুৱাহাটীৰ পৰা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া -কৰ্মচাৰীৰ এটা দল শিলচৰত উপস্থিত হয়। আজি অভিযোগকাৰীয়ে ঘোচৰ অগ্ৰিম টকা দুই হাজাৰ কাছাৰ জিলা আয়ূক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যক দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া -কৰ্মচাৰীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে।বিষয়াগৰাকীয়ে ভূমিৰ আপত্তিহীন প্রমাণপত্র (এন অ’ চি) প্ৰদানৰ বিনিময়ত উৎকোচ গ্রহণ কৰাৰ অপৰাধত ৰঙা হাতেৰে ধৰা পৰে। ভূমি সম্পৰ্কীয় এন অ’ চি জাৰি কৰিবলৈ ১২ হাজাৰ টকা দাবী কৰিছিল জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যই।

Related Articles