নামনি অসমত ধুমুহা-বৰষুণৰ তাণ্ডৱ

নামনি অসমত সোমবাৰে নিশাৰে পৰা চলা ঘূৰ্ণিবতাহৰ তাণ্ডৱত বহুতো পৰিয়ালৰ ক্ষয়-ক্ষতি হোৱা দেখা গৈছে৷ মিৰ্জা,বিজয়নগৰ,পলাশবাৰী,ৰঙামাটি আদিৰ ভিন্ন এলেকা সমুহত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰাৰ ফলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে যাৰ ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ।

ৰাস্তাই-ঘাটে গছ বাগৰাৰ ফলত যান-য’তৰ সমস্যাই যাতায়ত ব্যৱস্থাতো ব্যঘাত জন্মোৱা দেখা গৈছে ৷ ধুমুহা-বৰষুণৰ ফলত শতাধিক পৰিয়ালৰ কৃষিভূমিৰ শাক-পাচলি সমুহৰ অনিষ্ট সাধন হোৱা দেখা যায় ৷ বতৰৰ এই অনুকুল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে প্ৰায় চৰকাৰী-বেচৰকাৰী সকলো স্কুলসমুহ বন্ধ থকা দেখা গৈছে ৷

Related Articles