নৱগঠিত বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ উদ্যোগত যোৱা ৯ ডিছেম্বৰ তাৰিখে, অনলাইন যোগে হোৱা সিদ্ধান্তৰ ভিত্তিত বাংগালুৰুত অসম সাহিত্য সভাৰ এখন শাখা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আৱশ্যক সংখ্যক আজীৱন সভ্যৰ বৰঙণি অসম সাহিত্য সভাৰ পুঁজিত জমা দিয়া হয়। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাই অনুমোদন জনোৱাৰ অন্তত সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ প্ৰমুখ্যে এটি সঁজাতি দলে আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ সমূহ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতিৰ যোগেদি বাংগালুৰুস্থিত প্ৰৱাসী অসমীয়া সকলৰ বৰ্তমানলৈকে অন্তৰ্ভুক্তি হোৱা আজীৱন সভ্য সকলৰ মাজত বিতৰণৰ দায়িত্ব অৰ্পণ কৰে।


তাৰ পৰিপ্ৰেক্ষিতত অলপতে বাংগালুৰুত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ ভৱ গোস্বামীয়ে আজীৱন সভ্যৰ প্ৰমাণপত্ৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে আৰু বাংগালুৰু সাহিত্য সভাৰ বাবে ইতিহাসত ই এক স্মৰণীয় আৰু গৌৰৱৰ দিন হিচাপে চিহ্ণিত হৈ ৰব বুলিও উল্লেখ কৰে। সভাত উপ-সভাপতি অঞ্জুমণি ভৰালীয়ে সভাপতিত্ব কৰি অতি সোনকালে বাংগালুৰু সাহিত্য সভাই শতদল সাহিত্য সভাৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হব বুলি আশা প্ৰকাশ কৰে। সাধাৰণ সম্পাদক হীৰকজ্যোতি কাকতিয়ে আঁত ধৰা সভাখনত উপদেষ্টা ক্ৰমে প্ৰাঞ্জল আৰবিন্দ মেধি, ৰাজদীপ কৰৰ লগতে ডাঃ ফাৰমিডা আমান, সুবাসনা গোস্বামী, ৰাজলক্ষ্মী মেধি, দিক্ষীতা ভূঞা, উতাংক শৰ্মা, মৃত্যুঞ্জয় তালুকদাৰ, ধনভৰালী ধ্ৰুবজ্যোতি দাস প্ৰমুখ্যে ভালে সংখ্যক লোক উপস্থিত থাকে। এই নতুন শাখাই অসমীয়া সাহিত্য, সংস্কৃতি আৰু ভাষাৰ বিকাশ আৰু প্ৰসাৰলৈ বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই নতুন শাখাৰ মাধ্যমে বেংগালুৰুৰ অসমীয়া জনগোষ্ঠী নিজৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰত আগুৱাই যাব পাৰিব। শাখাটোৱে নিয়মিত সাহিত্য সভা, আলোচনা চক্র, আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব বুলি আশা প্ৰকাশ কৰে।

Related Articles