পাকিস্তানত ডেৰবছৰীয়া বন্দীত্ব জীৱন কটাই স্বদেশত ভৰি থ’লে পুত্ৰ সহ নগাঁৱৰ ৱাহিদা বেগমে

সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ন্যায় পালে ৱাহিদাৰ মাতৃয়ে

ভাৰতবৰ্ষৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ কাৰাগাৰত নিজৰ নাৱালক পুত্ৰ সহ সুদীৰ্ঘ ডেৰ বছৰীয়া বন্দীত্বৰ জীৱন অতিবাহিত কৰি অৱশেষত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আজি স্বদেশৰ ভূমিত ভৰি থ’লে নগাঁৱৰ ৱাহিদা বেগম নামৰ মহিলা গৰাকীয়ে। দিল্লী আৰু সীমান্ত এলেকা পাঞ্জাৱত আইনী আৰু যাৱতীয় প্ৰশাসনিক কামকাজ সমূহ সম্পন্ন কৰাৰ পাছত তেওঁলোক অনতিপলমে নগাঁও চহৰৰ স্বগৃহলৈ বুলি ৰাওনা হ’ব বুলি জানিব পৰা গৈছে । জানিব পৰা মতে নগাঁও চহৰৰ বৰবজাৰস্থ কে কে ৰোড নিবাসী মহিলা গৰাকী এঘাৰ বছৰীয়া পুত্ৰ ফইজ খান সহ পঞ্জাৱৰ বাঘা সীমান্তৰে পাকিস্তান চৰকাৰে ভাৰতীয় কর্তৃপক্ষক হস্তান্তৰ কৰিছে। বৰ্তমান পাঞ্জাৱৰ বাঘা সীমান্তৰ এখন আৰক্ষী থানাত পুত্ৰ সহ ৱাহিদা ৰহমানক ৰখা হৈছে। উল্লেখ্য যে কেন্দ্রীয় বৈদেশিক আৰু গৃহ মন্ত্রালয়ৰ হস্তক্ষেপত এয়া সম্ভৱ হৈ উঠিছে । চুবুৰীয়া ৰাষ্ট্ৰখনৰ পঞ্জাব চৰকাৰৰ গৃহ সচিবে ২১ মে’ত গৃহীত এই সিদ্ধান্তৰ কথা ভাৰতীয় কর্তৃপক্ষক অৱগত কৰিছিল। উল্লেখ্য যে প্রথমতে ভাৰত চৰকাৰৰ পৰা কোনো সঁহাৰি নোপোৱা হেতু বাহিদাৰ মাতৃ আবিফা খাতুন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ৰ হস্তক্ষেপতহে এয়া সম্ভৱ হৈছে বুলি মাতৃয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। লক্ষণীয়ভারে ২০২২ চনৰ ১০ নৱেম্বৰৰ পৰা পুত্ৰৰ সৈতে ৱাহিদা খাতুন নিৰুদ্দেশ হৈ আছিল। নগাঁও আৰক্ষী থানাত ৱাহিদা খাতুনৰ মাতৃয়ে কন্যাৰ নিৰুদ্দেশ সংক্রান্তত এখন এজাহাৰো দাখিল কৰিছিল। ইয়াৰ পাছত বিগত বৰ্ষৰ জানুৱাৰী মাহত পাকিস্তানৰ এজন অধিবক্তাৰ পৰা ৱাহিদাৰ মাতৃ আবিফা খাতুনে দেশখনৰ আইনী জাননীৰ প্রতিলিপি লাভ কৰিছিল। হোৱাটছ এপ বার্তাত জাননীৰ প্রতিলিপি পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈও প্রেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল। মন কৰিবলগীয়া যে কাৰাবন্দী বাহিদা বেগমৰ স্বামী মহম্মদ মহচিন খানৰ মৃত্যুৰ পাছত স্বামীৰ পৰা তেওঁ উত্তৰাধিকাৰী সূত্রে লাভ কৰিছিল এক কোটি ৬০ লাখ টকাৰ বিশাল সম্পত্তি। পৰৱৰ্তী সময়ত এই সম্পত্তি ৱাহিদাই বিক্রী কৰি দিয়ে।

মাতৃয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ কন্যা ৱাহিদাক আফগানিস্তানৰ খান নামৰ এজন কাবুলী ৱালাই বিয়াৰ প্ৰলোভন দি প্ৰেমত লিপ্ত হয় আৰু তেওঁৰ সৈতে থকা এক সম্পৰ্কৰ হেতু পৰৱৰ্তী সময়ত নিচা জাতীয় দ্ৰব্য সেৱন কৰাই বিভিন্ন নথি পত্ৰত চহী লৈ ৱাহিদাৰ নামত থকা কেইবা কোটি টকাৰ সম্পত্তি বিক্ৰী কৰে। তাৰ পাছতেই কাবুলীৱালা খানে ৱাহিদাক পুত্ৰ সহ লগত লৈ আফগানিস্তানলৈ পলায়ন কৰে। তেতিয়াই নাবালক পুত্ৰ সহ ৱাহিদা পাকিস্তানৰ সেনাৰ হাতত ধৰা পৰিছিল।মাতৃয়ে কিছুদিন ৱাহিদাৰ সম্ভেদ লাভ কৰা নাছিল যদিও ২০২২ চনৰ ৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোনযোগে ৱাহিদাৰ মাতৃ আবিফা খাতুনক জনোৱা হৈছিল যে বাহিদা বেগম পাকিস্তানত উক্ত বৰ্ষৰ ২৫ নৱেম্বৰত গ্রেপ্তাৰ হৈছে। অসম আৰক্ষীক এই বিষয়টো সবিশেষ জনোৱাৰ পাছতো খাতুনে কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাছিল বুলি অভিযোগ উঠিছিল ।

উপায়হীন হৈ ৱাহিদাৰ মাতৃয়ে দিল্লীত যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত অধিবক্তা সন্তোষ সুমনৰ সৈতে যোগাযোগ স্থাপন কৰি তেওঁ দিল্লীস্থ বৈদেশিক মন্ত্রালয় আৰু ভাৰতত থকা পাকিস্তান দূতাবাসৰ কাষ চাপিছিল। পিছে সংশ্লিষ্ট কোনো এটা সংস্থাৰ পৰা ৱাহিদাক উদ্ধাৰৰ বাবে কোনো সহায় বিচাৰি নোপোৱাত ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত প্রথমতে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৱাহিদাৰ মাতৃ । পৰৱৰ্তী সময়ত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল কন্যাৰ প্রত্যাবৰ্তন বিচাৰি। সেই মর্মে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় বিদেশ মন্ত্রালয়ক কেতবোৰ নির্দেশনা প্রদান কৰিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আজি এঘাৰ বছৰীয়া পুত্ৰৰ ফইজ খানৰ সৈতে ৱাহিদা বেগম স্বদেশলৈ উভতি অহাটো নিশ্চিত হয়। আইনী প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত দুই এদিনতে পুত্ৰ সহ ৱাহিদা নগাঁও পোৱাৰ সম্ভাৱনা আছে ।

Related Articles