পুনৰ ৰহা টোল গেটত অঘটন

টোল টেক্সকলৈ নিশা উত্তপ্ত পৰিস্থিতি , আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি

ৰহা টোল গেটত পুনৰ টোলটেক্সক লৈ হতাহতিৰ ঘটনা ।যোৱা নিশা সংঘটিত হয় এই ঘটনা ।
টোলটেক্সক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু ৰহা টোল গেটৰ কৰ্মচাৰীৰ মাজত নিশা হয় কাজিয়া ৷
ঘটনাৰ বিৱৰণি মতে টোলটেক্স দিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷


নিশা সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মাছখোৱাত অনুষ্ঠিত কীৰ্তি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানৰ পৰা উভতি আহিছিল গোলাঘাট, যোৰহাট, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ জিলাৰ পৰা কীৰ্তিমান ছাত্ৰ-ছাত্ৰী নিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দল ৷


পিছত নিশা ৰহা টোল গেটত টোলটেক্সকলৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগত সংঘটিত হয় ৰহা টোল গেট কৰ্মচাৰীৰ সংঘাত ৷চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে টোলগেট পাৰ হোৱাৰ সময়ত গেটৰ টেক্স দিবলৈ অমান্তি হোৱাত টোলগেটৰ কৰ্মচাৰীয়ে গাড়ী পাৰ হ’ব নিদিয়াৰ ফলতেই দুয়োপক্ষৰ মাজত প্ৰথমে কথাৰ কটাকটি হয় পাছলৈ দুয়োপক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হয় । উত্তপ্ত পৰিস্থিতিৰ পাছত দুয়োপক্ষৰ মাজত থেলা থেলিৰ সৃষ্টি হয় । ৰহা আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Articles