বলীউডৰ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। মৃত্যুৰ আগতে অভিনেতাজনে হোলী খেলি ফূৰ্তি কৰিছিল।
Colourful Happy Fun #Holi party at Janki Kutir Juhu by @Javedakhtarjadu @babaazmi @AzmiShabana @tanviazmi.. met the newly wed beautiful couple @alifazal9 @RichaChadha.. wishing Happy Holi to everyone
— satish kaushik (@satishkaushik2) March 7, 2023#friendship #festival #Holi2023 #colors pic.twitter.com/pa6MqUKdku
অভিনেতা তথা পৰিচালক সতীশ কৌশিকে শেষবাৰৰ বাবে টুইটাৰ টুইটত শেষবাৰৰ বাবে হোলী উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছে। এই ছবিবোৰত সতীশ কৌশিক জাভেদ আখতাৰ (জভেদ আখতাৰ), ৰিচা চাধা আৰু আলী ফাইজালক হোলীৰ আনন্দ-ফূৰ্তি কৰা দেখা গৈছিল।
সতীশ কৌশিক গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতালত মৃত্যু হয়। খবৰ অনুসৰি সতীশ কৌশিকৰ হঠাৎ স্বাস্থ্য অসুস্থ হৈ পৰিছিল, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।তাতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।
সতীশ কৌশিকে নিজৰ কেৰিয়াৰত ১০০ খনতকৈও অধিক ছবিত কাম কৰিছে। ১৯৯৩ চনত তেওঁ ৰুপ কি ৰাণী, চৰ্কা কা ৰাজাৰ দৰে ছবিত পৰিচালক হিচাপে কাম কৰিছিল।