Breaking

বে অব বংগলত সৃষ্টি হৈছে ঘূৰ্ণী ৰেমালঃ ৰেমালৰ বাবেই ২৭ মে’ত অসমত হ’ব ধাৰাসাৰ বৰষুণ

0 79

সংহাৰী গ্ৰীষ্মপ্ৰবাহে দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজি অসম তাপমাত্ৰ ৩৯ ডিগ্ৰী হৈছে। গুৱাহাটীত ৪০ ডিগ্ৰী চেলছিয়াছ হৈছে। । এনে সময়তে আশাৰ বতৰা লৈ তীব্ৰ বেগত আগবাঢ়িছে কালঘূৰ্ণী ৰেমাল। বংগ অভিমুখে আহি থকা এই ঘূৰ্ণীৰ সৃষ্টি হৈছে বে অব বেংগলত। ৰেমাল ঘূৰ্ণীৰ প্ৰভাৱত অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞানীসকলে আগজাননী দিছে। বতৰ বিজ্ঞানীসকলৰ মতে
উপকূলীয় অঞ্চলৰ ৰাজ্যসমূহত পৰিব ৰেমাল ঘূৰ্ণীৰ বৃহৎ প্ৰভাৱ ।দেওবাৰে বাংলাদেশৰ উপকূলত ‘ৰেমাল’ নামৰ শক্তিশালী ঘূৰ্ণীবতাহ ধুমুহাৰ ৰূপত আঘাত হানিব।ধুমুহাৰ প্ৰভাৱ পৰিব অসমতো ।

দেওবাৰে অসমত ৯২ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীসকলে আগজাননী দিছে। ৰেমালৰ বাবে সৃষ্টি হোৱা ধুমুহা ঘণ্টাত ১০২ কিলোমিটাৰ বেগত বলিব পাৰে। ২৬-২৭ মে’ত উপকূলীয় পশ্চিম বংগ, ওড়িশা, মিজোৰাম, ত্ৰিপুৰা আৰু দক্ষিণ মণিপুৰত প্ৰবল বৰষুণ হ’ব পাৰে।মাছমৰীয়াসকলক ২৭ মে’লৈকে বংগ উপসাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। ৰেমালৰ প্ৰভাৱত ২৭ মে’ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply