Breaking

ভাৰতত ৪০ বছৰৰ তলৰ পুৰুষ আৰু মহিলৰ মাজৰে ২০% আক্ৰান্ত হয় কেন্সাৰত , শেহতীয়া গৱেষণাৰ দাবী

0 21

ভাৰতত অধিক সংখ্যক যুৱক-যুৱতী এতিয়া অতি সহজে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে। এক নতুন অধ্যয়নত দেখা গৈছে যে দেশত ২০ শতাংশ কেন্সাৰ ৰোগী ৪০ বছৰৰ তলৰ পুৰুষ-মহিলাৰ ভিতৰৰে লোক। দিল্লীৰ কৰ্কট মুক্ত ভাৰত ফাউণ্ডেশ্যনৰ অধ্যয়নত দেখা গৈছে যে ৪০ বছৰৰ তলৰ পুৰুষ আৰু মহিলৰ মাজৰে ২০% আক্ৰান্ত হয় কৰ্কট ৰোগত। এনে কৰ্কট ৰোগৰ ভিতৰত মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগেই (২৬ শতাংশ) আটাইতকৈ বেছি, তাৰ পিছত গেষ্ট্ৰাইটিছ কেন্সাৰ (১৬ শতাংশ) যেনে কলন, পেট, যকৃত আদিৰ কৰ্কট ৰোগ । স্তন কেন্সাৰ ১৫ শতাংশ, আৰু তেজৰ কেন্সাৰ ৯ শতাংশ।


ভাৰতত কৰ্কট মুক্ত ভাৰত অভিযানৰ নেতৃত্ব দিয়া জ্যেষ্ঠ অংক’লজিষ্ট আশীষ গুপ্তাই যুৱ প্ৰাপ্তবয়স্কৰ মাজত কৰ্কট ৰোগ বৃদ্ধিৰ বাবে বিশৃংখল জীৱনশৈলীকেই জগৰীয়া কৰিছে। আশীষ গুপ্তাই কয় যে আমাৰ দেশত মেদবহুলতাৰ হাৰ বৃদ্ধি পোৱা, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, বিশেষকৈ প্ৰচেছড খাদ্যৰ ব্যৱহাৰ বৃদ্ধি আৰু শাৰীৰিক শ্ৰম নকৰি বহি থকাৰ জীৱনশৈলীও কৰ্কট ৰোগৰ হাৰ বৃদ্ধিৰ সৈতে জড়িত। তেওঁ লগতে কয় যে আমি সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব আৰু ধঁপাত তথা মদৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব, যাতে নৱ প্ৰজন্মৰ কৰ্কট ৰোগৰ আশংকা ৰোধ কৰিব পৰা যায়।


অধ্যয়নটোত এয়া দেখা গৈছে যে ভাৰতত ধৰা পৰা ৰোগীৰ ২৭ শতাংশ কেন্সাৰ ১ আৰু ২ ষ্টেজত থকাৰ বিপৰীতে ৬৩ শতাংশ ষ্টেজ ৩ বা ৪ ত থাকে। আশীষ গুপ্তাই কয় যে প্ৰায় দুই তৃতীয়াংশ লোকৰ কৰ্কট ৰোগ পলমকৈ ধৰা পৰে, সম্ভৱতঃ সঠিক সময়ত সঠিক পৰীক্ষা নকৰাৰ বাবে এনে হয়।
সমগ্ৰ ভাৰতৰ ১৩৬৮ গৰাকী কৰ্কট ৰোগীকলৈ এই অধ্যয়ন কৰা হৈছিল । ১ মাৰ্চৰ পৰা ১৫ মে’ৰ ভিতৰত ফাউণ্ডেশ্যনৰ কেন্সাৰ হেল্পলাইন নম্বৰত ফোন কৰাসকলৰ ক্ষেত্ৰত এই অধ্যয়ন চলোৱা হৈছিল।

Leave A Reply