Breaking

মুকালমুৱাৰ আদাবাৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

0 69

মুকালমুৱাৰ আদাবাৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ এটি মুকলি কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মুকালমুৱাৰ আদাবাৰীত ২৫৭ নং বাঘেশ্বৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ মুকলি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই কেন্দ্রসমূহে উচিত শিক্ষা, আহাৰ আদিৰ ব্যৱস্থা কৰি অঞ্চলটোৰ কণমানিহঁতক কম বয়সৰ পৰাই সঠিক দিশত গঢ় দিয়াত সহায়ক হব। বৰক্ষেত্ৰী সমষ্টিত দুটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আনুমোদন লাভ কৰিছিল বুলি কয় বিধায়ক দিগন্ত বৰ্মনে। ইয়াৰে আজি প্ৰথমটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে। অংগনবাড়ী কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনকে ধৰি সমাজ কল্যাণ বিভাগৰ বৰক্ষেত্ৰী শিশু সংহত উন্নয়ন প্ৰকল্পৰ বিষয়ৱবীয়া সকল।

Leave A Reply