মৰিগাঁৱতো বিশ্ব চিকল চেল সজাগতা দিৱস পালন

ৰাজ্য অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত “বিশ্ব চিকল চেল সজাগতা দিৱস” উদযাপন কৰা হয়। জিলাখনৰ প্ৰতিখন চিকিৎসালয়ত আৰু প্ৰতিখন আয়ুষ্মান আৰোগ্য মন্দিৰত চিকল চেল সন্দৰ্ভত সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়। তদপুৰি “বিশ্ব চিকল চেল সজাগতা দিৱসৰ লগত সংগতি ৰাখি শিলচাং পঞ্চায়ত ভৱন প্ৰাংগনত এক বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

শিবিৰ খনিত শতাধিক লোকৰ চিকল চেল পৰীক্ষা কৰোৱাৰ লগতে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা হয়।
ইপিনে মৰিগাঁও নগৰত আজি ২য় খন নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ মুকলি কৰা হয়। মৰিগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:অৰুন কুমাৰ নাথ, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা:তপন কুমাৰ শইকীয়া, ডি পি এম জুফিন চুলতানাৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকী জিলা পৰ্য্যায়ৰ বিষয়াৰ উপস্থিতিত এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে আয়ুষ্মান আৰোগ্য মন্দিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই আয়ুষ্মান আৰোগ্য মন্দিৰখনৰ জৰিয়তে নগৰীয়া লোক সকলে প্ৰাথমিক স্বাস্থ্য সেৱা লাভ কৰি উপকৃত হ’ব।
খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

Related Articles