লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাস্ত কৰিবলৈ চণ্ডীগড়ত আপ-কংগ্ৰেছৰ মিত্ৰতা

আম আদমী পাৰ্টি (আপ) আৰু কংগ্ৰেছৰ মাজত হোৱা বিবাদৰ বাবে দুবছৰ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত বিজেপিয়ে মেয়ৰ আৰু ডেপুটি মেয়ৰৰ পদ দখল কৰিছিল। অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীৰ দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই ‘ভুল’ শুধৰাবলৈ উদ্যোগ লৈছে।

যিহেতু চণ্ডীগড়ৰ মেয়ৰৰ পদ অনুসূচিত জনজাতিসকলৰ বাবে সংৰক্ষিত, সেয়েহে ১৮ জানুৱাৰীত তাত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব। চণ্ডীগড়ৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা পৱন কুমাৰ বংশালে সোমবাৰে আপৰ সৈতে হোৱা মিত্ৰতা সন্দৰ্ভত কয়, “আমি বিজেপিক পৰাস্ত কৰিবলৈ একত্ৰিত হৈছো। আপে মেয়ৰ পদৰ প্ৰাৰ্থী দিব। কংগ্ৰেছে ডেপুটি মেয়ৰ পদৰ বাবে যুঁজিব”।

সমীক্ষা অনুসৰি, চণ্ডীগড়ৰৰ মেয়ৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ সম্ভাৱনা আছে শাসকীয় দল বিজেপিৰ!

Related Articles