Breaking

স্বাধীনতাৰ ৭৫ তম অমৃত মহোৎসৱ উপলক্ষে বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ সৌজ্যনত বিশাল বাইক ৰেলী

0 88

সমাগত স্বাধীনতা দিৱস। দেশ স্বাধীন হোৱা ৭৫ তম বৰ্ষপুতি উপলক্ষে এইবেলি কেন্দ্ৰীয় চৰকাৰে উদযাপন কৰিছে আজাদী কা অমৃত মহোৎসৱ।সমান্তৰাৰভাৱে আজি কামৰূপ জিলাৰ অন্তৰ্গত হাজোত স্বাধীনতা দিৱস উপলক্ষে বিশ্ব হিন্দু পৰিষদ,আৰু বজৰংগ দলৰ সৌজ্যনত উত্তৰ পূৰ্বাঞ্চলৰ সমাজ হিতৈষী বিশিষ্ট চিকিৎসক ডাঃ বেদব্ৰত পাঠকৰ সহযোগত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এটি বিশাল বাইক ৰেলী কাৰ্যসূচী অনুষ্ঠিত হ’য়। হাজোৰ চেচা দলংঘাটৰ পৰা দমদমা ,পাখামেলা ,হয়গ্ৰীৱ মাধৱ দোমোঠাৰগুৰি হৈ পুনৰ হাজোৰ পতনিত বিশাল বাইক ৰেলীটোৰ সামৰনি পৰে।আজিৰ কাৰ্যসূচীত সক্ৰিয় ভাৱে অংশগ্ৰহন কৰি ডাঃ বেদব্ৰত পাঠকে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজাদী কা অমৃত মহোৎসৱৰ পদক্ষেপক শলাগ লৈ সমূহ দেশবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।তদুপৰি আজিৰ সজাগতা ৰেলী কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ সমূহ কৰ্মকৰ্তাই ত্ৰিৰংগা যাত্ৰাৰে স্বাধীনতা দিৱস উপলক্ষে জনসাধৰনক সজাগ কৰাৰ প্ৰয়াস কৰা হ’য়।

Leave A Reply