Breaking

 হাওৰাঘাটৰ শান্তিপুৰ গাঁৱত বিশ্বমাতৃ দুগ্ধপান সপ্তাহ পালন…

0 2,052

ৰাইজৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ শান্তিপুৰ গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰা হয় । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয় । চঞ্চুবালা নম:শূদ্ৰৰ সভানেত্ৰীত্বত সভাখন অনুষ্ঠিত কৰা হয় । শান্তিপুৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰূপালী বসুমতাৰীয়ে আঁত ধৰা আৰু জোনালী বাগলাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ সভাত হাওৰাঘাটৰ এ এন এম  জিমি পাঠক,  আশা কৰ্মী কৃষ্ণা বসুমতাৰী অঞ্চলটোৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা  ক্ৰমে  শুভদ্ৰা ইংতিপি , জোনালী বাগলাৰী, মাম্পীৰাণী দাস, মণিকা বসুমতাৰী, প্ৰভাৱতী চৌহান, পূৰ্ণিমা নাৰ্জাৰী, কল্পনা নম:শূদ্ৰৰ  লগতে  কেইবাখনো গাঁৱৰ মহিলা সকল উপস্থিত থাকে ।

সভাত অংগনবাড়ী কৰ্মী ৰূপালী বসুমতাৰী, এ এন এম জিমি পাঠক আৰু আশা কৰ্মী কৃষ্ণা বসুমতাৰীয়ে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালনৰ উদ্দেশ্য আৰু ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে শিশুটিৰ বাবে প্ৰথম মাতৃ দুগ্ধপানেই হৈছে প্ৰথম প্ৰতিষেধক । গতিকে মাকৰ গাখীৰেই হৈছে শিশুৰ কাৰণে আটাইতকৈ উত্তম আহাৰ । 

Leave A Reply