হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক, স্বাস্থ্য কৰ্মী নথকাৰ অভিযোগ : কেন্দ্ৰত তলা বন্ধ থকাত ক্ষোভ ৰাইজৰ

আব্দুল্লাহ শেখ, হাটশিঙিমাৰীসমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰ্তব্য পালনত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী। আনফালে আকৌ আন একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে নিজৰ কৰ্তব্য পালনত গাফিলতি কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক তথা স্বাস্থ্য কৰ্মী নথকাৰ অভিযোগ তুলিছে স্হানীয় ৰাইজে। কেইবামাহ ধৰি কেন্দ্ৰটোৰ তলা বন্ধ থকাত ক্ষোভিত হৈ পৰিছে স্হানীয় ৰাইজ। ফলত উক্ত অঞ্চলৰ মানুহ বিলাক দীৰ্ঘদিন ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে। ইফালে নিজৰ কৰ্তব্যত গাফিলতি কৰি চৰকাৰী দৰমহা উপভোগ কৰা উক্ত কেন্দ্ৰত নিয়োজিত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ লগতে কেন্দ্ৰটোত চিকিৎসক আৰু স্বাস্থ্য কৰ্মী নিয়মীয়া কৈ থকাৰ কাৰণে প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে স্হানীয় ৰাইজে।

Related Articles