Breaking

১৫দিন ধৰি গাওঁবাসীয়ে গা-ধোবা নাই

0 165

মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ এটি গাঁৱত ভয়ংকৰ পৰিস্থিতি । প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত শুকাই গৈছে কুঁৱা-নদীৰ পানী । খাবলৈ নাই পানী, পানীৰ অভাৱত ১৫ দিনে গা ধুৱ পৰা নাই গাওঁবাসীয়ে । এটুপি পানীৰ বাবে ওৰে দিন শাৰী পাতিও পোৱা নাই প্ৰয়োজনীয় পানী ।দুই-এটা কুঁৱাৰ পৰা সামান্য পৰিমানকৈ ওলোৱা লেতেৰা-বোকাময়, বিষাক্ত পানীক লৈয়ো হেতাওঁপৰা । গাওঁবাসীয়ে বিশুদ্ধ খোবা পানী সংগ্ৰহ কৰাৰ বাবে ২/৩কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগে ৷ ফলত এক হাহাকাৰ আৰু যমৰ যাতনা পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছে গাওঁ খনত । ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ দলনিগাঁৱত অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উৎকট গৰমত গাওঁ খনত থকা কুঁৱা আৰু নদীৰ পানী শুকাই গৈছে । পাহাৰীয়া অঞ্চলটোত কুঁৱা আৰু নদীৰ পানীয়ে এক মাত্ৰ ভৰসা । তেনে স্থলত পানী শুকাই যোৱাৰ ফলত গাঁৱত হাহাকাৰ অৱস্থা হৈছে । গাঁৱৰ ৮খন কুঁৱাৰ ভিতৰত দুই-এটা কুঁৱাত ২-৩ ঘন্টা মূৰে-মূৰে সামান্য পৰিমানকৈ লেতেৰা-বোকাময় পানী জমা হয় । সেই বিষাক্ত পানীৰ বাবে এইদৰে হেতাওঁপৰা লাগে । প্ৰয়োজনীয় কামখিনি কৰিবৰ বাবে এইদৰে পানীৰ বাবে শাৰী পাতিও বিমুখ হ’বলগীয়া হয় । গাওঁ খনৰ ওচৰতে থকা নদীৰ পানীও শুকাই মৰুভূমি সদৃশ হৈ আছে । ফলত দলনিগাঁৱৰ ৰাইজ উপায়হীন হৈ পৰিছে । ভাত ৰান্ধিবলৈ সামান্য পৰিমানকৈ ওলোৱা লেতেৰা-বোকাময় পানীয়ে ফিল্টাৰ কৰি ব্যৱহাৰ কৰে । পানীৰ অভাৱত গাওঁ খনৰ লোকসকলে আজি প্ৰায় ১৫ দিনে গা- ধুব পৰা নাই । গাঁৱখনত চৰকাৰৰ “হৰ ঘৰ নল ,হৰ ঘৰ জল” আঁচনিৰ জলজীৱনেও এতিয়ালৈ ঢুকি পাবলৈ সক্ষম হোৱা নাই । স্থানীয় বিধায়ক চৰন বড়ো, বিটিআৰ চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈ দলনিগাঁৱৰ ৰাইজৰ খবৰ লবলৈ আহৰি নাই । গাওঁ খনত বিশুদ্ধ খোৱা পানীৰ বাবে শীঘ্ৰেই ব্যৱস্থা কৰিবলৈ বিটিআৰ চৰকাৰ,অসম চৰকাৰক অনুৰোধ ৰাইজৰ ।

Leave A Reply