দিছপুৰ,২৩জানুৱাৰী,২০২৫: Ranjit Kumar Das । ৰাজ্য চৰকাৰৰ পৰ্যটন,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি পশ্চিম বংগৰ কোচবিহাৰ জিলাত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ স্থান মধুপুৰ সত্ৰৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ মহাপ্ৰয়াণৰ স্থান বৈকুণ্ঠপুৰ পৰিদৰ্শন কৰি অহা ২৯জানুৱাৰীৰ পৰা ৩১, জানুৱাৰীলৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত উক্ত স্থানত অনুষ্ঠিত হ’বলগীয়া মধুপুৰ উৎসৱৰ প্ৰাৰম্ভিক ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে সত্ৰ দুখনৰ সামগ্ৰিক পৰিৱেশৰো বুজ লয়।

উল্লেখযোগ্য যে পশ্চিমবংগৰ কোচ বিহাৰ জিলাত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰত বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত অহা ২৯, ৩০, ৩১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

এই অনুষ্ঠানতে মালানিৰ্মালি প্ৰদান কৰি সত্ৰখনৰ ডেকাসত্ৰীয়া আৰু বুঢ়াসত্ৰীয়া পদত অধিষ্ঠিত কৰা হ’ব ৷
পৰিদৰ্শন কালত মন্ত্ৰী দাসে সত্ৰখনত থকা গুৰুজনাৰ আপুৰুগীয়া সম্পদ ৰাজিও দৰ্শন কৰে। পৰিদৰ্শন কালত উপস্থিত থকা সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ সৈতে হোৱা মত -বিনিময়ত মন্ত্ৰী দাসে কয় যে জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিক সাহিত্য,ভাষা, কৃষ্টি -সংস্কৃতিকে ধৰি সকলো সম্পদ প্ৰদান কৰি গৈছে।এই স্থানতে গুৰুজনাৰ মহাপ্ৰয়াণ হৈছিল।অহা ২৯ৰপৰা ৩১জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰসকলো উপস্থিত থাকিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীৰ আগমনে মধুপুৰ সত্ৰৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিব বুলিও তেওঁ কয়। আগন্তুক দিনত মধুপুৰ সত্ৰক ধৰ্মীয় পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ লোৱাৰ উপৰি সত্ৰখন দৰ্শনৰ বাবে অহা বাহিৰৰ পৰ্যটকে বুজিব পৰাকৈ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত হিন্দী, বাংলা আৰু ইংৰাজী ভাষাৰ এখন পুস্তিকা প্ৰকাশ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে মন্ত্ৰী দাসে আজি ১৫৯৮ খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰ দেৱৰ মহাপ্ৰয়াণৰ স্থান কোচ বিহাৰ জিলাৰ বৈকুণ্ঠপুৰো দৰ্শন কৰে৷

দৰ্শন কালত তেওঁ গুৰুজনাই ব্যৱহাৰ কৰা বিচনা, খৰম আদি প্ৰত্যক্ষ কৰাৰ লগতে সামগ্ৰিক পৰিৱেশৰ বুজ লয়।
দৰ্শনৰ সময়ত উপস্থিত থকা সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ সৈতে হোৱা মত -বিনিময়ত মন্ত্ৰী দাসে আগন্তুক দিনত গুৰুজনাৰ মহাপ্ৰয়াণৰ এই পৱিত্ৰ স্থানক যুগমীয়া কৰি তোলাৰ বাবে কিছু প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি ব্যাক্ত কৰে।আজি প্ৰথমবাৰৰ বাবে ইয়ালৈ আহি পৰিৱেশৰ বুজ লৈ মুখ্যমন্ত্ৰীক অৱগত কৰি এই দিশত এক ভাল ফলাফল প্ৰদান কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। মধুপুৰৰ লগতে এই স্থানকো পৰ্যটনৰ ডেষ্টিনেচনত অৰ্ন্তভুক্ত কৰাৰ পদক্ষেপ লোৱা হ’ব বুলি তেওঁ কয়।ইয়াৰ দৌল গৃহটো সম্পূৰ্ণ কৰাৰ বাবে তাৎক্ষণিকভাৱে পাটাছাৰকুছি সমষ্টিবাসী ৰাইজৰ সহযোগত ৩লাখ টকা প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। এই দৰ্শনৰ সময়ত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ,সত্ৰৰ বিষয়ববীয়াৰ লগতে বহু গণ্য -মান্য ব্যক্তি উপস্থিত থাকে।