
আজি এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নংপোৰ সমীপত থলুৱা পাচলিৰ দোকান দেখি এখন্তেক ৰয় আৰু থলুৱাভাৱে উৎপাদিত ৰঙালাও, জাতিলাও, আনাৰস আদি ক্ৰয় কৰে। স্থানীয় বিক্ৰেতাসকলৰ সৈতে কথা পাতি তেখেত আপ্লুত হয়।


