ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ কটাক্ষ কৰে। বোকাখাতত এক ৰাজহুৱা সমাৱেশত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈৰ ফেচবুক লাইভ আৰু প্ৰেছ মিট কেৱল মনোৰঞ্জনৰ বাবেহে চাব লাগে, সেইবোৰ গুৰুত্বসহকাৰে লোৱাৰ প্ৰয়োজন নাই।
মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে, “অখিল গগৈৰ ফেচবুক লাইভ ৰাইজে উপভোগ কৰে। দুখ লাগিলে তেওঁৰ লাইভ চাব পাৰে। যেনেকৈ মানুহে কামৰ পাছত গান শুনি জিৰণি লয়, ঠিক তেনেদৰেই নিশা অখিল গগৈৰ প্ৰেছ মিট আৰু ফেচবুক লাইভ শুনিও সতেজতা লাভ কৰিব পাৰি।” মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত বোকাখাত বিধানসভা সমষ্টিত চেক বিতৰণ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (SIR) প্ৰক্ৰিয়াত বিজেপিৰ জ্যেষ্ঠ নেতাসকলে হেতালি খেলাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত সোমবাৰে ফেচবুক লাইভ আৰু মঙলবাৰে সংবাদমেলযোগে অখিল গগৈয়ে বিজেপি নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে। তাৰ পিছতেই বোকাখাতত এই মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী শৰ্মাই।
অখিল গগৈৰ দাবী অনুসাৰে, যোৱা ৪ জানুৱাৰীত অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেবিনেট মন্ত্ৰী, বিধায়ক আৰু অন্যান্য দলীয় নেতা উপস্থিত থকা এক ভিডিঅ’ কনফাৰেন্সত তেওঁ সন্মুখীন হৈছিল। আনুষ্ঠানিকভাৱে দেৱাল লিখা অভিযানৰ প্ৰস্তুতিৰ কথা আলোচনা কৰা হৈছিল যদিও উক্ত বৈঠকত ভোটাৰ তালিকাৰ বিষয়টোও আলোচিত হৈছিল বুলি গগৈয়ে দাবী কৰে।
“শুনা কথাখিনিত মই স্তম্ভিত হৈ পৰিলোঁ। সেই ৰাতি গোটেই টোপনি নাহিল,” বুলি দাবী কৰি অখিল গগৈয়ে কয় যে তেওঁ এই আলোচনা নিজৰ কাণেৰে শুনিছিল। লগতে তেওঁ অভিযোগ তোলে যে বিজেপিক সমৰ্থন নকৰা ভোটাৰৰ নাম বাদ দিয়াৰ উদ্দেশ্যেৰে ৬০টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ সংশোধন চোৱাচিতা কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংঘলক দায়িত্ব দিছিল। তদুপৰি বিজেপিৰ বিধায়ক, জিলা সভাপতি আৰু মণ্ডল সভাপতিসকলক অহা ১২ জানুৱাৰীৰ ভিতৰত এনে ভোটাৰৰ বুথভিত্তিক তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলিও তেওঁ দাবী কৰে।
বিজেপিয়ে নিজৰ সুবিধা অনুসৰি ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰি অখিল গগৈয়ে এই ধৰণৰ কাৰ্যক গণতন্ত্ৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰে। তেওঁৰ অভিযোগ মিছা হ’লে ৪ জানুৱাৰীৰ উক্ত বৈঠকৰ ভিডিঅ’ ৰেকৰ্ডিং ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়।
ইফালে, বোকাখাতত ভাষণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনৰ বতৰত সৰু-সৰু সংঘৰ্ষ বা উত্তেজনা স্বাভাৱিক বুলি মন্তব্য কৰে। “যদি সংঘৰ্ষ নহয় বা কাৰ্যালয় ভাঙি নপৰে, তেন্তে নিৰ্বাচন আহিল বুলি মানুহে কেনেকৈ গম পাব?” বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে।
ভাষণত মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আৰু অৰুণোদয় আঁচনি, ভূমি বেদখল বিৰোধী অভিযান, কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা, লগতে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়তো উল্লেখ কৰি চৰকাৰৰ বিভিন্ন কল্যাণমূলক পদক্ষেপৰ কথা দোহাৰে।

