উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন.এফ.আৰ.)-ৰ এচিছটেন্ট ক্যাটাৰিং অফিচাৰ/মুখ্য কাৰ্যালয় (গেজেটেড) সমীৰণ ডেকাই দীঘলীয়া আৰু নিষ্ঠাৱান সেৱাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰি ২০২৫ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। ৰে’লৱেৰ সৈতে তেওঁৰ ৩৪ বছৰ ৭ মাহ আৰু ৪ দিনীয়া কৰ্মজীৱন অনুকৰণীয় দায়বদ্ধতা, অখণ্ডতা আৰু শৃঙ্খলাৰ বাবে স্মৰণীয় হৈ ৰ’ব।

১৯৯১ চনৰ ২৭ মে’ত ৰে’লৱেত যোগদান কৰা সমীৰণ ডেকাই সমগ্ৰ গেজেটেড কৰ্মকালত কোনো অর্জিত ছুটি বা চিকিৎসাজনিত ছুটি গ্ৰহণ নকৰাকৈ অবিৰত সেৱা আগবঢ়োৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰে। এই ব্যতিক্ৰমী দৃষ্টান্তই তেওঁৰ কৰ্তব্যনিষ্ঠা আৰু পেছাদাৰী মনোভাৱক বিশেষভাৱে উজ্জ্বল কৰি তোলে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাণিজ্যিক বিভাগত দায়িত্ব পালন কৰা কালছোৱাত ডেকাই সংস্থাটোৰ নীতি-নিয়ম অনুসৰি নিষ্ঠাৰ সৈতে দায়িত্ব সম্পন্ন কৰি সংগঠনটোৰ কাৰ্য্যক্ষমতা আৰু সুনাম বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। সহকৰ্মীসকলৰ মাজতো তেওঁ সততা, শালীনতা আৰু অনুশাসনৰ বাবে সন্মানিত আছিল।
সমীৰণ ডেকাৰ এই দীঘলীয়া সেৱাযাত্ৰাই কেৱল ৰে’লৱে কৰ্মচাৰীসকলকেই নহয়, ভৱিষ্যৎ প্ৰজন্মকো কৰ্তব্যনিষ্ঠা আৰু দায়বদ্ধতাৰ পথত আগবঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি বিশ্বাস কৰা হৈছে।

