অপৰাধ

Murder for Insurance Claim: কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি ৫০ লাখ টকাৰ বীমাৰ লোভত ন-বোৱাৰীক কৰিলে হত্যা

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ ঘটনা(Sensational case in Lucknow)। ধনৰ লোভত কৌশলেৰে এজন লোকে প্ৰথমে তেওৰ ঘৰত কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি দিয়ে । তাৰ পিছত ছোৱালীজনীৰ নামত ৫০ লাখ টকাৰ জীৱন বীমা কৰে । তাৰোপৰি ছোৱালীজনীৰ নামেৰে ১০ লাখ টকাৰ মুদ্ৰা লোনো লয়। তাৰ পিছতে শহুৰেকে পৰিকল্পনা অনুসৰি হত্যা কৰিলে ন-বোৱাৰীক(Murder for Insurance Claim) ।

JNU Sweeper Arrested: JNUৰ অধ্যাপকৰ পত্নীৰ গা ধোৱা দৃশ্য মোবাইলত বন্দী কৰি গ্ৰেপ্তাৰ চাফাই কৰ্মী

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ পত্নীৰ গা ধোৱাৰ ভিডিঅ' গোপনে মোবাইলত বন্দী কৰাৰ অভিযোগত আৰক্ষীয়ে এজন চাফাই কৰ্মীক গ্ৰেপ্তাৰ কৰিছে(JNU Sweeper Arrested)।

Assam Welfare Fund Corruption: অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বৃহৎ কেলেংকাৰী !

অনুসূচিত জাতিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক স্মাৰক ৷ জংগী আন্দোলন হুংকাৰ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ ৷ অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আনিছে ৷ ইতিমধ্যে সংগঠনটোৱে অনুসূচিত জাতি সঞ্চালকালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল(Corruption in Welfare Funds) ৷

Kolkata News: কলকাতাত চকলেটৰ লোভ দেখুৱাই ৭ বছৰীয়া কন্যা শিশুৰ সৈতে অপকৰ্মঃ আদালতে মৃত্যুদণ্ড বিহিলে এজনক

কিশোৰীগৰাকীক চকলেট দিয়া লোভ দেখুৱাই অপহৰণ কৰি ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই ঘটনাই অঞ্চলটোত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে কেইবাখনো গাড়ী জ্বলাই দিছিল। প্ৰতিবাদকাৰীয়ে এখন থানাও ভাঙি লণ্ডভণ্ড কৰিছিল।(Kolkata News)

Student attack in Tezpur school: ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী

তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী(Student Attack in Tezpur School)।তেজপুৰৰ অল চেইন্ট ডায়’চেছন স্কুলত আজি সংঘটিত হয় এই ঘটনা ৷ বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক শ্ৰেণীকোঠাতে আক্ৰমণ কৰে সহপাঠী ছাত্ৰই৷

Popular