অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে

অসমৰ বাস্তৱিক উন্নয়নক AIৰ লগত তুলনা কংগ্ৰেছৰ। অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে। উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰা এটা ৰাজপথৰ দৃশ্যক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতিত সৃষ্টি হৈছে নতুন বিতৰ্ক। ধেমাজি জিলাৰ চিছিবৰগাঁও অঞ্চলত নিৰ্মাণ কৰা এক আধুনিক পথৰ ছবি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মঙলবাৰে পুৱা নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই এই বিষয়টো ব্যাপকভাৱে চৰ্চালৈ আহে। ছবিখন প্ৰকাশ পোৱাৰ লগে লগে বহুতে পথটোৰ আধুনিক ৰূপ দেখি আচৰিত প্ৰকাশ কৰে।

কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল পেজ আৰু কেইবাজনো জ্যেষ্ঠ নেতাই ছবিখনক লৈ সন্দেহ প্ৰকাশ কৰি ইয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল সামাজিক মাধ্যম পেজত এই ছবিখনক ‘AI generated’ বুলি উল্লেখ কৰা হয়। ইয়াৰ উপৰিও কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা উদয় ভানু চিব আৰু মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা প্রশান্ত সুদামসহ কেইবাজনো নেতাই কোনো ধৰণৰ ফেক্ট চেক নকৰাকৈ এই পথটোক AIৰ সহায়ত সৃষ্টি কৰা ছবি বুলি সামাজিক মাধ্যমত মন্তব্য কৰা বুলি অভিযোগ উঠিছে। ইফালে চৰকাৰী তথ্য মতে, ধেমাজি জিলাৰ চিছিবৰগাঁও অঞ্চলত নিৰ্মাণ কৰা এই পথটো ৰাজ্যত চলি থকা অবকাঠামোগত উন্নয়নৰ এক বাস্তৱ উদাহৰণ।

ইফালে এই বিতৰ্কৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিছিবৰগাঁও অঞ্চলৰ স্থানীয় ৰাইজে। তেওঁলোকৰ মতে, বাস্তৱত নিৰ্মাণ কৰা পথটোক লৈ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰাটো দুখজনক। স্থানীয় বাসিন্দাসকলে কয় যে অঞ্চলটোত বহুদিনৰ পৰা উন্নতমানৰ পথৰ অভাৱ আছিল আৰু বৰ্তমান নিৰ্মাণ কৰা পথটোৱে যোগাযোগ ব্যৱস্থাত যথেষ্ট সুবিধা প্ৰদান কৰিছে। স্থানীয় ৰাইজে লগতে জনতাৰ কল্যাণৰ বাবে কৰা উন্নয়নমূলক কামক লৈ ৰাজনীতি নকৰিবলৈও বিৰোধীক সকীয়াই দিয়ে।

Related Articles