অসমৰ বুৰঞ্জী নজনাকৈ কৰা মন্তব্য ঘোৰ আপত্তিজনক, ৰেজাউল কৰিম আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ড° দয়ানন্দ বৰগোহাঁইৰ তীব্ৰ সমালোচনা

আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমে কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত “উজনি অসমক ধুবুৰী বনাম” বুলি কৰা মন্তব্যই সমগ্ৰ উজনি অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিতৰ্কিত মন্তব্যৰ সময়ত কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ তেওঁৰ কাষতে উপস্থিত থকাক লৈও ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে। বিভিন্ন সমাজিক আৰু বৌদ্ধিক মহলে এই মন্তব্যক অসমৰ ইতিহাস, সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতি গুৰুতৰ আঘাত হিচাপে চিহ্নিত কৰিছে।

এই পৰিপ্ৰেক্ষিতত বিশিষ্ট চিন্তাবিদ তথা আহোম সমাজৰ বুদ্ধিজীৱী ড° দয়ানন্দ বৰগোহাঁই গুৱাহাটীত এখন সংবাদ মেল আয়োজন কৰি ৰেজাউল কৰিম আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদ মেলত ড° বৰগোহাঁইয়ে কঠোৰ ভাষাত কয়, “ৰেজাউল কৰিমে গৌৰৱ গগৈক কাষত লৈ যিধৰণে বিতৰ্কিত মন্তব্য কৰিছে, তাক মই ঘোৰ নিন্দা কৰিছোঁ। মোৰ স্পষ্ট বিশ্বাস, অসমৰ বুৰঞ্জীৰ ১০০ শতাংশৰ ভিতৰত ১ শতাংশো গৌৰৱ গগৈয়ে নাজানে।”

ড° বৰগোহাঁইয়ে কয়, এনেধৰণৰ বক্তব্য কেৱল ৰাজনৈতিক অপৰিপক্বতাৰ নিদৰ্শন নহয়, বৰং অসমীয়া জাতিৰ ঐতিহাসিক চেতনাক অস্বীকাৰ কৰাৰ সমান। তেওঁ মন্তব্য কৰে, “ৰেজাউল কৰিমৰ দৰে ব্যক্তিৰ প্ৰভাৱ যদি ক্ৰমে বৃদ্ধি পায়, তেন্তে অসম এক অতি বিপজ্জনক ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰে। সেয়ে এই সময়ত সমগ্ৰ অসমীয়া জাতিক সজাগ আৰু ঐক্যবদ্ধ হ’বলৈ মই আহ্বান জনাইছোঁ।” লবৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতিক ‘গৰম কেৰাহী’ বুলি বৰ্ণনা কৰি ড° বৰগোহাঁইয়ে কয়, “কোনে ক’ত কি ৰান্ধিছে, কোনে ক’ত কি মাছ ভাজিছে—সেইবোৰ স্পষ্ট নহয়। কিন্তু এটা কথা নিশ্চিত, অসমৰ মাটি, ইতিহাস আৰু অস্তিত্বক লৈ কৰা যিকোনো কু-চেষ্টা অসমবাসীয়ে কেতিয়াও সহ্য নকৰিব। গতিকে ৰেজাউল কৰিমৰ এই ধৰণৰ সপোন আমি দৃঢ়ভাৱে প্ৰতিহত কৰিম।”

গৌৰৱ গগৈৰ সংসদীয় ভাষণ দক্ষতাক লৈ কটাক্ষ কৰি ড° বৰগোহাঁইয়ে কয়, “সংসদত ইংৰাজী বা হিন্দী ভাষাত ভালদৰে বক্তব্য আগবঢ়াব পাৰিলেই কোনো ব্যক্তিয়ে সকলো বিষয় ভালকৈ জানে বুলি ভাবিব নোৱাৰি। অসমৰ বুৰঞ্জী, সমাজ আৰু সংস্কৃতি সম্পৰ্কে গৌৰৱ গগৈৰ জ্ঞান অত্যন্ত সীমিত।”

তেওঁ লগতে কয়, “ৰেজাউল কৰিমৰ এই ধৰণৰ মন্তব্যই কেৱল আহোম জাতিৰ ছেন্তিমেণ্টক আঘাত কৰা নহয়, বৰং সমগ্ৰ অসমৰ জনসাধাৰণৰ অনুভূতিৰ সৈতে খেল কৰা সমান। আহোম সমাজৰ লগতে অসমৰ সামূহিক ছেন্তিমেণ্ট লৈ কোনোপধ্যেই খেলা সহ্য কৰা নহ’ব। এইধৰণৰ অপচেষ্টাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ’ব।” উল্লেখ্য, উক্ত বিতৰ্কক কেন্দ্ৰ কৰি উজনি অসমত বিভিন্ন সামাজিক সংগঠন, বুদ্ধিজীৱী আৰু সচেতন মহলৰ মাজত তীব্ৰ অসন্তোষ পৰিলক্ষিত হৈছে। বহুজনৰ মতে, এইধৰণৰ বক্তব্য সমাজত বিভাজন সৃষ্টি কৰাৰ উদ্দেশ্যে কৰা পৰিকল্পিত প্ৰচেষ্টা। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, আগন্তুক দিনত এই বিতৰ্কই অসমৰ ৰাজনীতিত অধিক উত্তেজনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

Related Articles