আধুনিকতাৰ ধামখুমীয়াৰ মাজতো আজিৰ যুৱ সমাজৰ মাজত আধ্যাত্মিক চিন্তা আৰু জাতীয় সংস্কৃতিৰ প্ৰতি থকা অগাধ চেনেহৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে ৰাজ্যৰ অগ্ৰণী কাৰিকৰী শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে (AEC)। মহাবিদ্যালয়খনৰ অগ্ৰণী সাংস্কৃতিক সংগঠন “মুখা: নাট্য আৰু চলচ্চিত্ৰ গোষ্ঠী”ৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ১৪ মাৰ্চৰ নিশা মহাবিদ্যালয়ৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সৃষ্টি “নৃসিংহ যাত্ৰা” ভাওনাখনি অত্যন্ত সফলতাৰে মঞ্চস্থ কৰা হয়। উল্লেখ্য যে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুদীর্ঘ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এনে এক মহৎ সাংস্কৃতিক প্ৰয়াসৰ সূচনা কৰা হৈছে।
এই ঐতিহাসিক অনুষ্ঠানটিৰ পবিত্ৰ শুভাৰম্ভণি কৰে অসমৰ সাংস্কৃতিক জগতৰ তিনিগৰাকী জনপ্ৰিয় তথা বিশিষ্ট শিল্পী- চেতনা দাস , অনুপম শইকীয়া আৰু নয়ন নীলিম । চাকি প্ৰজ্বলনেৰে অনুষ্ঠানৰ দ্বাৰ মুকলি কৰা এই বৰেণ্য শিল্পীসকলৰ উপস্থিতি আৰু তেওঁলোকৰ অনুপ্ৰেৰণামূলক বক্তব্যই অনুষ্ঠানটিক এক বিশেষ উচ্চতাত অৱস্থান কৰালে। আমন্ত্ৰিত শিল্পীসকলৰ উপস্থিতি কেৱল এক আড়ম্বৰপূৰ্ণ শুভাৰম্ভণিতেই সীমাবদ্ধ নাথাকিল, বৰঞ্চ তেওঁলোকৰ সান্নিধ্যই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিলে। শিল্পীসকলৰ এই আন্তৰিক সঁহাৰিয়ে অনুষ্ঠানৰ সমগ্ৰ পৰিৱেশক এক অনন্য সাংস্কৃতিক প্ৰেক্ষাপট প্ৰদান কৰিলে, যিটো সকলো দৰ্শক আৰু শিক্ষাৰ্থীৰ বাবে আছিল এক স্মৰণীয় অভিজ্ঞতা।

এই সাংস্কৃতিক যাত্ৰাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আয়োজক সমিতিয়ে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সদ্য প্ৰাক্তন অধ্যক্ষ ড⁰ বিপুল তালুকদাৰ দেৱ আৰু নৱনিযুক্ত অধ্যক্ষা ড⁰ অমৃতা গাংগুলী বাইদেউৰ বিশেষ পৃষ্ঠপোষকতা আৰু অনুপ্ৰেৰণাৰ বাবে তেওঁলোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। একেদৰে, NEDFi, MAAC তথা I News Northeast-ৰ সহযোগিতাও আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। এই চেগতে আমি আই নিউজ নৰ্থ ইষ্ট চেনেলৰ পৰিচালন সঞ্চালিকা নিৰ্মালী দেৱী তালুকদাৰ ডাঙৰীয়ানী প্ৰমূখ্যে চেনেল টোৰ সাংবাদিক ত্ৰিনয়ন বৈশ্য ডাঙৰীয়াকো জনাইছোঁ আন্তৰিক ধন্যবাদ।
অনুষ্ঠানটিৰ প্ৰতিটো দিশ সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে শিক্ষাৰ্থীসকলক সঠিক দিশ-নিৰ্দেশনা দিয়া আৰু আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱা মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকাৰ অৱদান চিৰস্মৰণীয়। বিশেষকৈ ড⁰ মলয়া চেতিয়া আৰু ড⁰ তৃপ্তিমণি বৰা বাইদেউৱে আগবঢ়োৱা বহুমূলীয়া দিহা-পৰামৰ্শ আৰু বিশেষ আৰ্থিক সহযোগিতাৰ বাবে আয়োজক দলে তেওঁলোকৰ শলাগ লৈছে। মহাবিদ্যালয়ৰ শিক্ষক সমাজৰ নিৰন্তৰ প্ৰচেষ্টা আৰু এনেসমূহ বিশেষ সহযোগিতা অবিহনে এই সাংস্কৃতিক যাত্ৰা কেতিয়াও সম্ভৱপৰ নহ’লহেঁতেন।
ভাওনাৰ আৰম্ভণিতে গায়ন-বায়নৰ গম্ভীৰ ধ্বনিয়ে সমগ্ৰ পৰিৱেশটো আধ্যাত্মিকতাৰে ভৰাই তোলে। ধৃতি, শব্দ আৰু অভিনয়ৰ সুসমন্বয়ত শিক্ষাৰ্থীসকলে প্ৰতিটো চৰিত্ৰ ইমান সুন্দৰকৈ ফুটাই তুলিলে যে উপস্থিত দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ ব্যস্ততাৰ মাজতো ‘মুখা’ৰ সদস্যসকলৰ লগতে মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে দিনে-নিশাই একগোট হৈ কৰা পৰিশ্ৰমৰ ফলস্বৰূপেহে এই “নৃসিংহ যাত্ৰা”ৰ সফল মঞ্চায়ন সম্ভৱ হ’ল। ইয়াৰ দ্বাৰা ইয়াকে প্ৰমাণ হ’ল যে বিজ্ঞান আৰু সংস্কৃতি এটা আনটোৰ পৰিপূৰক। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এই পদক্ষেপক বৌদ্ধিক আৰু সাংস্কৃতিক মহলত ভূয়সী প্ৰশংসা কৰা হৈছে। এই অনুষ্ঠানে কেৱল মনোৰঞ্জন নহয়, বৰঞ্চ মহাবিদ্যালয়খনৰ নৱপ্ৰজন্মৰ মাজত একতা আৰু আমাৰ চহকী লোক-সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতাৰ এনাজৰীডালো অধিক দৃঢ় কৰিলে।
কোৱা বাহুল্য যে ভাওনাখনিৰ সফল মঞ্চায়ণৰ বাৱে মূখা ক্লাবৰ প্ৰতিজন সদস্যই ভাওনাৰ সম্পূৰ্ণ ৰীতি নীতি মানি এমাহ ধৰি নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল। প্ৰচণ্ড ধমুহাই পেণ্ডেল উৰুৱাই দিয়াৰ পিছতো মুখাৰ সদস্য সকল হতাশ নহৈ ১৩ মাৰ্চৰ নিশা সম্পূৰ্ণ উজাগৰে থাকি পুনৰাই পেন্দেল সাজি উলিয়ায় ভাওঁনা খনৰ যি সফল মঞ্চায়ন কৰিলে তাৰ বাবে মূখা ক্লাবৰ সভাপতি শ্ৰী তন্ময় শৰ্মা প্ৰমুখ্যে সমূহ কলা কুশলীকে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে শ্ৰোতা দৰ্শকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ।

