Assam Book Fair 2025 । ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলা অব্যাহত আছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰত আজি বিয়লি অনুষ্ঠিত হয় “ঐতিহাসিক চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ইয়াৰ প্ৰাসংগিকতা” শীৰ্ষক এখন আলোচনা সত্ৰ ৷ এই আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যশিল্পী শান্তনু পালে ৷ তেওঁ কয় যে ভাৰতীয় চলচ্চিত্ৰই ঐতিহাসিক বিষয়ক লৈয়ে বিকাশৰ পথত আগবাঢ়িছিল ৷ ইয়াৰ ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে ৷ বলিউদৰ বাহিৰেও বিভিন্ন আঞ্চলিক ভাষাতো এই পৰম্পৰা আছে ৷ ঐতিহাসিক বিষয়ক লৈ চলচ্চিত্ৰ নিৰ্মাণত বহুত প্ৰত্যাহ্বান থাকে ৷ অৱশ্যে সমান্তৰালভাৱে সফল হোৱাৰ অৰ্থাৎ দৰ্শকে আদৰি লোৱাৰো প্ৰচুৰ সম্ভাৱনা থাকে ৷

এই অনুষ্ঠানত আলোচক হিচাপে অংশগ্ৰহণ কৰি অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ অধ্যাপক ড° আলফৰিদ হুছেইনে কয় যে চলচ্চিত্ৰৰ পটভূমি নিৰ্বাচনত নিৰ্মাতা সকল সাৱধান হোৱা দৰকাৰ ৷ ঐতিহাসিক বিষয় উপস্থাপনত যাতে কোনো ভুল তথ্য সংযুক্ত নহয় সেইটো সচতনভাৱে নিৰ্ণয় কৰিব লাগিব ৷ কাৰণ চলচ্চিত্ৰ এক শক্তিশালী গণ মাধ্যম ৷ গতিকে সমাজত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকে ৷ আন এগৰাকী আলোচক, বিশিষ্ট চলচ্চিত্ৰ সমালোচক সন্দীপ আচাৰ্যই দাদা চাহেব ফাল্কেৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক ভাৰতীয় চলচ্চিত্ৰলৈ উত্থান-পতন, সফলতা-বিফলতাৰ দিশবোৰৰ সাম্যক বিশ্লেষণ আগবঢ়ায় ৷ ইতিসাহক ভিত্তি কৰি নিৰ্মাণ হোৱা বিভিন্ন চলচ্চিত্ৰৰ বিপুল সফলতা আৰু ইয়াৰ ভিন্ন ত্ৰুটীৰ বিষয়ে তেওঁ আঙুলিয়াই দিয়ে

বিশেষকৈ ঐতিহাসিক পটভূমিত নিৰ্মিত চলচ্চিত্ৰ কেৱত বাণিজ্যিকভাৱে সফল হ’লেই কলা উত্তীৰ্ণ হোৱাটো নুবুজাই বুলি উল্লেখ কৰি তেওঁ কয়——“ এনে চলচ্চিত্ৰই প্ৰকৃত তথ্য দেখুৱাব পাৰিব লাগিব ৷” অন্য এগৰাকী আলোচক, অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ গৱেষক স্বপ্ননীল সেনে ইতিহাসক বিষয় হিচাপে লৈ নতুন প্ৰজন্মই চলচ্চিত্ৰত প্ৰৱেশ কৰা বুলি সদৰী কৰে ৷ এয়া চলচ্চিত্ৰ উদ্যোগৰ ভৱিষ্যতৰ বাবে আশাপ্ৰদ বুলি কয় তেওঁ ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, শিলচৰৰ আজি চতুৰ্থ দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৰয়েল কনভেন্ট হায়াৰ ছেকেণ্ডাৰী স্কুল, কাঞ্চকান্তি বিদ্যা মন্দিৰ আৰু ৰধামাধৱ কলেজে ৷

