Breaking

অস্কাৰ বিজয়ী চলচ্চিত্ৰ “গান্ধী”ত প্ৰদৰ্শিত পাটনাৰ ডাচ সকলৰ দিনৰে ৰেকৰ্ড ৰূমত চলিল বুলডজাৰ

0 53

এয়া ৩০০ বছৰ পুৰণি ভৱন। ভৱনটো ডাচসকলে ভাৰতলৈ ওহাৰ সময়তে নিৰ্মাণ কৰা হৈছিল। পাটনাত নিৰ্মাণ কৰা এই ভৱনটোৱে কেইবাটাও প্ৰজন্মৰ সাক্ষী হৈ থিয় দি আছে। অস্কাৰ বিজয়ী চলচ্চিত্ৰ “গান্ধী”ত প্ৰদৰ্শিত পাটনা কালেক্টৰেটৰ ডাচযুগীয়া ৰেকৰ্ড ৰুম ভৱনটো শেহতীয়াকৈ ভাঙি পেলোৱা হৈছে। কিন্তু ঐতিহাসিক ভৱনটোৰ কেইটামান স্তম্ভ পৰৱৰ্তী কালৰ বাবে সংৰক্ষণৰো দিহা কৰা হৈছে।

পাটনাৰ গংগা নদীৰ পাৰত উত্তৰ-দক্ষিণ অংশত থকা ৩০০ বছৰতকৈও অধিক পুৰণি ৰাজকীয় অট্টালিকাটোৰ চালত ওখ চিলিং, বিশাল দুৱাৰ আৰু অনন্য স্কাইলাইট আছিল। পুৰণি কালেক্টৰেটৰ কাৰ্যালয়ৰ ১২ একৰ ভূমিৰ চৌহদৰ এয়া আটাইতকৈ পুৰণি ভৱন আছিল।ঐতিহাসিক কালেক্টৰেট কমপ্লেক্সৰ দুৱাৰ যোৱা বছৰৰ ১৩ মে’ত বন্ধ কৰা হৈছিল।

কাৰণ সেই সময়তে উচ্চতম ন্যায়ালয়ে দিল্লীস্থিত ঐতিহ্যসংস্থা আইএনটিএচিএইচে সেই ভূমিত নিৰ্মিত ভৱন আদি সংৰক্ষণৰ বাবে কৰা আবেদন নাকচ কৰিছিল। আদালতৰ ৰায়ৰ পিছতে বিহাৰ চৰকাৰে ডাচসকলৰ দিনৰে ভৱনটো ধ্বংস কৰাৰ পথ প্ৰশস্ত হৈছিল।

১৯৩৮ চনত নিৰ্মিত জিলা বোৰ্ড পাটনা ভৱনটোত প্ৰথমে বুলডজাৰ চলিছিল। ভৱনটো ধ্বংস কৰাৰ ফলত ঐতিহ্যপ্ৰেমী আৰু গান্ধীবাদীসকলৰ মাজত শোকৰ ছা পৰিছে।

যোৱা বছৰৰ ১৭ মে’ৰ ভিতৰত ব্ৰিটিছ যুগৰ গাঁথনিৰ লগতে ডাচযুগৰ ৰেকৰ্ড ৰুম ভৱনটো ধ্বংসস্তূপত পৰিণত হৈছিল। সন্মুখৰ ফালৰ পৰা এটা সৰু অংশ মাত্ৰ নভঙাকৈ ৰখা হৈছে। বিহাৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি ৰেকৰ্ড ৰুমৰ পুৰণি নথিপত্ৰ সমূহ যোৱা কেইমাহমানত গান্ধী ময়দানৰ ওচৰৰ আন এটা ভৱনলৈ স্থানান্তৰিত কৰা হৈছে। ডিচেম্বৰৰ শেষৰ ফালে ডাচ্চ যুগৰ ভৱনটোৰ বাকী অংশটো ধ্বংস কৰা হৈছিল।

তেওঁ কয় “অৱশ্যে, আমি স্তম্ভবোৰ সংৰক্ষণ কৰিছো। পুনৰ্বিকাশ প্ৰকল্পৰ বাবে ধ্বংসৰ কাম চলাই থাকোতে স্তম্ভবোৰ উলিয়াই অনাটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ কাম আছিল। নতুন কালেক্টৰেট কমপ্লেক্স নিৰ্মাণ হৈ উঠাৰ পিছত পুৰণি ভৱনৰ এই স্তম্ভবোৰ গুৰুত্বপূৰ্ণভাৱে প্ৰদৰ্শন কৰা হ’ব যাতে মানুহে আধুনিক গাঁথনি আৰু অতীতৰ গাঁথনি দুয়োটাই চাব পাৰে,” ।

Leave A Reply