অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য

অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য

অসমৰ ভূমিত অৰুণাচলীৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাৰ আজি ষষ্ঠটো দিন। গোগামুখৰ মিংমাং বদতিত সংঘটিত এই ঘটনাত আহতসকলৰ পৰিয়ালৰ কাষত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু।

ঘটনাটোত আহত লোকসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ঘোষণা কৰা আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। আহত উৎপল দলে, ভাইজান দলে, পামে পেগু, বিতোপন দলে, বিগেশ্বৰ পাটিৰ, বিঞ্চু পেগু, লক্ষী প্ৰসাদ লাগাছু, ৰাকেশ দলে, সঞ্জয় টায়ুং, ৰোহিত দলে আৰু ৰাকেশ লাগাছুৰ পৰিয়ালৰ হাতত দুই লাখ টকাকৈ সাহায্যৰ চেক তুলি দিয়া হয়।

উল্লেখযোগ্য যে, অসমৰ ভূমিত সংঘটিত এই গুলীচালনাৰ ঘটনাক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাত আহত লোকসকলৰ চিকিৎসা আৰু পৰিয়ালসমূহৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আহতসকলৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায়-সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস দিয়ে।

Related Articles