অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। কোকৰাঝাৰৰ বডোফা নগৰ গ্ৰীণ ফিল্ডত আয়োজিত এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা ৭ অক্টোবৰ তাৰিখে বিটিআৰৰ বাহিৰে অসমৰ অন্যান্য অঞ্চলত অৰুণোদয় ৩.০ আৰম্ভ কৰা হৈছিল যদিও পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিআৰৰ হিতাধিকাৰীসকলক সেই সময়ত আঁচনিখনৰ সুবিধা প্ৰদান কৰিব পৰা হোৱা নাছিল। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনা কৰি বিটিআৰৰ ৪ লাখতকৈ অধিক মহিলাক অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি তেওঁ উল্লেখ কৰে।

এই আঁচনিৰ জৰিয়তে বিটিআৰৰ কোকৰাঝাৰ জিলাত ১,২০,৮৫৪ গৰাকী, বাক্সা জিলাত ৬০,৬৭৬ গৰাকী, চিৰাং জিলাত ৬০,৫৪৫ গৰাকী, তামুলপুৰ জিলাত ৬১,৫৭৮ গৰাকী আৰু ওদালগুৰি জিলাত ১,০৯,০৩৪ গৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। বিটিআৰত প্ৰথমবাৰৰ বাবে ৪ লাখৰো অধিক মহিলাই এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা পহিলা জানুৱাৰীত সমগ্ৰ অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা বিশেষ উপহাৰ ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ড° শর্মাই কয়, “আগতে মহিলাসকলে বহু কষ্টৰে ঘৰ চলাবলগীয়া হৈছিল, কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিমাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ নিজৰ বেংক একাউন্টত লাভ কৰিছে।” ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চাউল প্ৰদান কৰাৰ লগতে অসম চৰকাৰে ১১৭ টকাত এক কিলোগ্ৰামকৈ দাইল, চেনি আৰু নিমখ যোগান ধৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অহা ১ জানুৱাৰীৰ পৰা এই সামগ্ৰীসমূহ ১০০ টকাত প্ৰদান কৰা হ’ব।

বিটিআৰৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২০ জানুৱাৰীৰ ভিতৰত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, তামুলপুৰত ইতিমধ্যে চেক বিতৰণ কৰা হৈছে। ১৩ ডিচেম্বৰত গোসাঁইগাঁও আৰু ১৭ ডিচেম্বৰত দতমাত চেক বিতৰণ কৰা হ’ব।

নিযুত মইনা আঁচনিৰ জৰিয়তে কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলক আৰ্থিক সহায়তা আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে, অহা ১ জানুৱাৰীত ছাত্ৰসকলৰ বাবেও এক নতুন কল্যাণমূলক আঁচনি ঘোষণা কৰা হ’ব।

Related Articles