“হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰেই অৱহেলা কৰিলে জুবিন গাৰ্গক।”– প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতা।
শাসকপক্ষ যদি ডালে-ডালে বিৰোধী যেন পাতে- পাতে। তাৰেই যেন প্ৰমাণ দাঙি ধৰিছে কংগ্ৰেছ দলে। মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল। নলবাৰী জিলাৰ কাপলাবড়ীত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু সমূহ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত আয়োজিত কৰ্মীসভাত উপস্থিত থাকে কংগ্ৰেছ দলৰ ৰথী- মহাৰথী।
নলবাৰী জিলাৰ কাপলাবড়ীত অনুস্থিত হোৱা এই সভাখনৰ পূৰ্বে উপস্থিত সকলোৱে সদ্যপ্ৰয়াত গণশিল্পী তথা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, লৌহ মানৱ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, গৰীৱৰ বন্ধুখ্যাত প্ৰয়াত ডাক্তৰ ভূমিধৰ বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জনায়। আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে অনুস্থিত হোৱা সভাখন বন্দে মাতৰম গীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছতে উপস্থিত সকলোৱে ‘মায়াবিনী ৰাতিৰ বুকুত’- শীৰ্ষক গীত পৰিৱেশন কৰি প্ৰয়াত গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় । বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মণে আঁতধৰা সভাখনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা তথা বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা শিৱামণি বৰা, কমলপুৰ বিধানসভা সমষ্টিৰ অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মণ, অশোক শৰ্মা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী কে ধৰি ভালেমান নেতা কৰ্মী। ভাষণ প্ৰসংগত শিৱামণি বৰাই দিগন্ত বৰ্মণ ২০২৬ ৰ নিৰ্বাচনত জয়লাভ কৰাটো নিশ্চিত বুলি কৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠিত চৰকাৰৰ মন্ত্ৰীত্ব লাভ কৰিব বুলিও দাবী কৰে। আনহাতে,৪২ দিন পিছতো জুবিন গাৰ্গে ন্যায় নোপোৱা প্ৰসংগত অসমৰ ৰাইজে বিজেপিৰ মিছা কথা বুজি উঠিছে বুলি উল্লেখ কৰি নিৰ্বাচন আহিলেই মহিলাসকলক ভুলাবৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰে বিধায়িকাগৰাকীয়ে।

ৰাইজৰ টকাৰে ৰাইজক হিতাধিকাৰী হিচাপে সজোৱাৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰি ঔষধৰ মূল্যবৃদ্ধিৰ কথা কৈ অৰুণোদয়ৰ ১২৫০ টকাৰে ঘৰ এখন নচলে বুলিও কয়। কংগ্ৰেছৰ দিনত মাজনী,মামণি আদি আঁচনি দিয়াৰ কথা কৈ আঁচনি পোৱাটো মহিলাসকলৰ প্ৰাপ্য অধিকাৰ বুলি কৈ এই আঁচনিৰে ২০২৬ ৰ নিৰ্বাচনত যাতে মহিলাসকলক প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হৈ থাকিবলৈও মহিলাসকলক আহ্বান জনায়। বিজেপি চৰকাৰক উৎখাত নকৰিলে ৰাইজৰ বহুত অসুবিধা হ’ব বুলিও মন্তব্য কৰি আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক এসেকা দিবলৈ সকলোকে আহ্বান জনায়। আনহাতে, জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদঘাটন নোহোৱাটোক লৈও সমালোচনা কৰে। জুবিন গাৰ্গক হত্যা কৰা হ’ল বুলি উল্লেখ কৰা মুখ্যমন্ত্ৰীয়ে দিনত এটা ৰাতি এটা কথা কয় বুলিও কয়। আনহাতে, হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰেই জুবিন গাৰ্গক অৱহেলা কৰিলে বুলিও সমলোচনা কৰে। বাক্সাৰ নিকাচিৰ জেলত গুলী খাইছে হিন্দু ল’ৰাই আৰু মাৰ খাইছে মুছলিম মানুহে,এনেদৰে প্ৰথমৰ পৰাই ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যু ৰহস্য অসমৰ ৰাইজে উপলব্ধি নকৰিবলৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে আবোল তাবোল বকিবলৈ লৈছে। সকলো কামতে আনকি চি আই ডি ৰ মুন্না প্ৰসাদ গুপ্তাৰ কথাও মুখ্যমন্ত্ৰীয়ে নিজেই কয় বুলিও তীব্ৰ সমলোচনা কৰে। অসমৰ ৰাইজে আজি অৰুণোদয় নিবিচাৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে বুলি কৈ এতিয়া মানুহক পৰিবৰ্তন নালাগে বিজেপিৰ পৰা পৰিত্ৰাণ লাগে বুলিও কয়। অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই হেঁচা দি ৰাখিব নোৱাৰে বুলি কৈ পেট্ৰলৰ মূল্য ১০০ টকা হোৱাৰ কথা কৈ মূল্যবৃদ্ধিত জুৰুলা হোৱা ৰাইজৰ কথা কয়। বিজেপিক পে হিন্দু-মুছলিমৰ মাজত সংঘাতৰ সৃষ্টি নহ’লে এইবাৰ কংগ্ৰেছ দলক কোনেও পৰাভূত কৰিব নোৱাৰে বুলিও উল্লেখ কৰে। শঙ্কৰদেৱৰ জন্মস্থানৰ সমষ্টিটোকো নাইকীয়া কৰি দিয়াৰ কথা কৈ আমাক আৰু কোনেও হিন্দু-মুছলিমৰ নামত বিভাজন কৰিব নোৱাৰে বুলিও উল্লেখ কৰে।

২০১৬ চনত অসম গণ পৰিষদৰ সৈতে কংগ্ৰেছৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি অসমত বৰ্তমান নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাস চলাই থকাৰো কথা কয়। গো-মাতাৰ ৰক্ষক বিজেপিৰ মন্ত্ৰীসকলে গৰুকেইটা চুৰি কৰাৰ কথা কৈ জয়ন্ত মল্ল বৰুৱা,দিগন্ত কলিতাই কেনেকৈ চলিব বুলিও মুখ্যমন্ত্ৰীয়ে পাতল কথা কয়। শিক্ষকক টিউটৰ কৰি পেলোৱা চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰকেই বন্ধ কৰি পেলোৱাৰ কথা কৈ নিবনুৱাৰ সংস্থাপন দিয়াৰ কথাক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক দাবী জনায়। ভাৰতীয় লোকক উচ্ছেদ কৰি আদানী আৰু আম্বানীক মাটি দিছে চৰকাৰে। বসুন্ধৰা আঁচনিৰ জৰিয়তে তেওঁলোকে নিজৰ নামত মাটিবোৰ কৰি ল’লে। অসমৰ ৰাইজক কেৱল প্ৰলোভন দেখুৱাইছে বিজেপি চৰকাৰে। পৰিবৰ্তনৰ লগতে ৰাইজক আজি বিজেপিৰ পৰা পৰিত্ৰাণ লাগে বুলিও উল্লেখ কৰে। আনহাতে, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৱে ভাষণ প্ৰসংগত কয় যে বহুতেই চৰ্দাৰ বল্লভভাই পেটেল আৰু নেহেৰুৰ সম্পৰ্ক বেয়া বুলি প্ৰতিপন্ন কৰিব বিচাৰে, কিন্তু সেয়া নহয়। অৰ্থনৈতিক মন্দৱস্থাই সমগ্র বিশ্বক গ্ৰাস কৰাৰ সময়ত ভাৰতবৰ্ষক ইন্দিৰা গান্ধীয়ে সুৰক্ষিত কৰি ৰাখিছিল বুলিও উল্লেখ কৰে। বিজেপিৰ বুথ পৰ্য্যায়ৰ সভাপতিয়ে জিঅ’ টেগত ভাগ লোৱাৰ কথা কৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছত সকলোৰে ঘৰত জিঅ’ টেগ কৰাৰ কথা উল্লেখ কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লাখপতি বাইদেউ,অমৃত কলহ, অৰুণোদয় আদিৰে অসমৰ মহিলাক আভুৱা ভৰা বুলি কৈ বিজেপিক ফল নিদিয়া গছ বুলিও কটাক্ষ কৰে। ১০ হেজাৰ টকা দিম বুলি কৈ অসমৰ মহিলাক আভুৱা ভাৰিছে বিজেপি চৰকাৰে। আঁচনিৰ জৰিয়তে চৰকাৰ গঠনৰ সপোন দেখাটো দিল্লীৰ মূখ্যমন্ত্ৰীৰ দেৰেই হ’ব। জুবিন গাৰ্গ, বল্লভ ভাই পেটেল, ইন্দিৰা গান্ধী, ভূমিধৰ বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।
আনহাতে, অশোক শৰ্মাই ভাষণ প্ৰসংগত কয় যে বিজেপিয়ে প্রতি মুহূৰ্ততে প্ৰলোভন দেখুৱাইছে, তাৰ পৰা আমি মুক্ত হ’ব নোৱাৰিলে ধৰ্মৰ নামত, ভয়-ভীতি দেখুৱাই আমাক শোষণ কৰি থাকিব।শেষত, বিধায়ক দিগন্ত বৰ্মণে “মই নথকাৰ অনুভৱ” শীৰ্ষক গীত পৰিৱেশন কৰি জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। নলবাৰীৰ তিনিওটা সমষ্টি কংগ্ৰেছে দলে দখল কৰিব বুলি মন্তব্য কৰে দিগন্ত ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনৰ সামৰণি পৰে।

