আই এন টি ইউ চি অসম শাখাৰ স্পষ্টীকৰণ: সাধাৰণ সভাতহে হ’ব বিষয়ববীয়াৰ নিৰ্বাচন

আই এন টি ইউ চিৰ কোনো পদবীত নিযুক্তি নহয়,সংগঠণৰ সাংবিধানিক নীতি অনুসৰি অনুস্থিত হ’ব লগা আগন্তক সাধাৰণ সভাতহে সমিতিৰ বিষয় ববীয়া নিৰ্বাচন কৰা হ’ব- আই এন টি ইউ চি অসম শাখা। প্ৰেছ বিবৃত্তি;- ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ (আই এন টি ইউ চি) ভাৰতৰ্ষৰ এটা অন্যতম পুৰণি কেন্দ্ৰীয় শ্ৰম সংগঠণ । কেন্দ্ৰীয় শ্ৰম সংগঠণ স্বৰূপে পঞ্জীয়ন ভূক্ত এই সংগঠণৰ সংবিধান অনুসৰি ১৯২৬ চনৰ শ্ৰম আইনৰ আধাৰত পঞ্জীয়ন ভূক্ত বিভিন্ন কৰ্মক্ষেত্ৰৰ শ্ৰম সংগঠণ সমূহে আই এন টি ইউ চিৰ অন্তৰভূক্ত হ’ব পাৰে।

ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ কৰ্মক্ষেত্ৰ সমূহত শ্ৰম আইন অনুসৰি পঞ্জীয়ন ভূক্ত শ্ৰম সংগঠণ সমূহৰ সামুহিক গোট স্বৰূপে, আই এন টি ইউ চি য়ে সমগ্ৰ দেশৰ সাংগাঠণিক কাম কাজ পৰিচালনা কৰিবলৈ ৰাজ্য সমূহৰ এলেকাধীন পঞ্জীয়ন ভূক্ত শ্ৰম সংগঠণ সমূহক লৈ সাংবিধানিক নীতি অনুসৰি সাধাৰণ সভা অনুস্থিত কৰি ৰাজ্যিক সমিতি অথবা ৰাজ্যিক শাখা গঠণ কৰা হয়। উল্লেখযোগ্য যে আজি কিছু বছৰৰ পৰা শ্ৰম আইন তথা আই এন টি ইউ চিৰ সংবিধান পৰিপন্থী ভাবে কোনো অকতৃত্ব শীল লোকে আই এন টি ইউ চি অসম শাখাৰ সভাপতি নিযুক্তি দিয়া বাতৰি প্ৰকাশ কৰি নিজকে স্বয়ম্ভু শ্ৰমিক নেতা স্বৰূপে সমাজত প্ৰচাৰ কৰা কাৰ্য অতি দৃষ্টিকটু হৈছে।

আই এন টি ইউ চি অসম শাখাৰ গুৱাহাটী পল্টন বজাৰ কাৰ্যালয়ত অনুস্থিত এখন সংবাদ মেলত অসম শাখাৰ নেতা দিজেন লহকৰ, পূৰ্ণকান্ত বুঢ়াগোহাঁই, বনশ্ৰী গগৈ, ৰূপেশ্বৰ কাকতি,মহমদ আমজাদ হুচেইন মজুমদাৰে উল্লেখ কৰে যে কিছু বছৰৰ পূৰ্বে জনৈক কোঁৱৰ, ২০২৫ চনৰ চেপ্তেম্বৰত জনৈক বৰুৱা আৰু শেহতীয়াকৈ জনৈক বৰঠাকুৰ নামৰ এজন স্বয়ম্ভূ নেতৃস্থানীয় লোকক আই এন টি ইউ চি অসম শাখাৰ অধ্যক্ষ নিযুক্তি দিয়া বুলি সামাজিক মাধ্যমত ব্যাপক হাৰত প্ৰচাৰ কৰা কায্য অতি সাহ্যমধুৰ হৈছে। অতি সাম্প্ৰতিক নিযুক্তি পোৱা বুলি জাহিৰ কৰা জনৈক বৰঠাকুৰে নিজৰ সামাজিক কৰ্মজীৱনৰ ইতিহাস বিৱৰণ দিছে যদিও শ্ৰম সংগঠণ সম্পকত তেখেতৰ কোনো সঠিক খবৰ তথা ধ্যান ধাৰণা নথকা বাবে জনৈক ডুবে নামৰ ব্যক্তিজনে দিয়া নিযুক্তি পত্ৰক লৈ সামাজিক মাধ্যমত হৈ চৈ লগাইছে। তেখেতক নিযুক্তি দিয়া জনৈক ডুবে নামৰ কোনো লোক আই এন টি ইউ চি কেন্দ্ৰীয় কমিটিৰ পদবীত নাই আৰু লেটাৰ পেডত উল্লেখ কৰা অনুসৰি দিল্লী কেন্দ্ৰীয় কায্যালয়ৰ বাদে অন্য কোনো ৰাজ্যত যোগাযোগৰ কায্যালয় নাই। আই এন টি ইঊ চি বৰ্তমান কেন্দ্ৰীয় কমিটিৰ মূল পদবীত কায্যনিৰ্বাহ কৰি থকা সভাপতি প্ৰাক্তন সাংসদ ড° জি সঞ্জীৱা ৰেদ্দি, জ্যেষ্ঠ উপ সভাপতি চন্দ্ৰ প্ৰকাশ সিং সা.সম্পাদক সঞ্জয় কুমাৰ সিং আৰু কাৰ্যালয়ৰ দ্বায়িত্বত সম্পাদকৰ পি জে ৰাজু উপৰিও ভাৰতবৰ্ষৰ ভালে সংখ্যক প্ৰবীন শ্ৰমিক নেতাই সক্ৰিয় ভাবে কাৰ্যনিৰ্বাহ কৰি আছে।

কেন্দ্ৰীয় কমিটিত কোনো জনৈক ডুবে নাম অথবা উপাধিৰ লোক নাই। বৰ্তমান অসম ৰাজ্যিক গ্ৰামিন শ্ৰমিক ফেডাৰেচন, ৰেলুৱে এমপ্পইজ ইউনিয়ন, এ চি কে এচ, এ চি এম এচকে আদি কৰি ২৪ টা পঞ্জীয়ন ভূক্ত শ্ৰমিক সংগঠণৰ প্ৰায় চৈধ্য লাখ শ্ৰমিক সদস্য তথা প্ৰতিনিধি বৰ্গৰ নেতৃত্ব বহন কৰি আই এন টি ইউ চিৰ অসম শাখাৰ সভাপতি প্ৰবীন শ্ৰমিক নেতা তথা প্ৰাক্তন বিধায়ক হিৰণ্য বৰা দেবে কায্যনিৰ্বাহ কৰি আছে আৰু তেখেত কেন্দ্ৰীয় কমিটিৰো জ্যেষ্ঠ সাংগাঠণিক সম্পাদক। তেনে পেক্ষাপটত জনৈক বৰঠাকুৰক আই এন টি ইউ চি অসম শাখাই ৰাজ্যখনৰ শ্ৰমিক তথা জনমানসত বিভ্ৰান্তি সৃষ্টি নকৰিবৰ বাবে সকিয়নি প্ৰদান কৰিছে। উল্লেখযোগ্য যে আই এন টি ইউ চি অসম শাখাৰ আগন্তক অধিবেশন অনুস্থিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে এই অধিবেশনত অংশ গ্ৰহণ কৰিবলৈ অসম শাখাৰ অন্তগত শ্ৰমিক সংগঠণ সমূহলৈ জাননী প্ৰেৰণ কৰা হৈছে। আই এন টি ইউ চি অসম শাখাৰ অন্তুগত শ্ৰম আইন অনুসৰি পঞ্জীয়নভূক্ত শ্ৰমিক সংগঠণ সমূহে নবীকৰণ আৰু বৰঙণী সহ নিধাৰিত সময়ত দিয়াৰ লগতে অধিবেশন সফল কৰিবলৈ সকলো প্ৰকাৰৰ সহায় সহযোগিতা আৰু প্ৰয়োজনীয় দিহা পৰামৰ্শ আগ বঢ়াবলৈ সকলোৰে প্ৰতি আহবান জনাইছে অসম শাখাৰ নেতৃবৃন্দই।

Related Articles