আকাশত উৰাৰ অভিজ্ঞতা ল’লে লাভলীনা বৰগোহাঁয়ে…

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে বৰ্তমান ৰিঙৰ বাহিৰেও অন্য এক সপোন পূৰণৰ আনন্দত আত্মহাৰা হৈ পৰিছে । দেওবাৰে নিচান টিলাত এক মনোমোহা পৰিৱেশত পেৰাগ্লাইডিং কৰি আকাশত উৰাৰ এক অনন্য অনুভৱ লাভ কৰে দেশৰ গৌৰৱ লাভলীনাই । ইয়াৰ পিছতে লাভলীনাই নিচান টিলাৰ মনোমোহা পৰিৱেশৰ ভূয়সী প্ৰশংসা কৰি নিজৰ অনুভৱ ব্যক্ত কৰে, “সৰুৰে পৰা এটা সপোন আছিল । আকাশত উৰি থকা টিভিত হে দেখিছিলোঁ । বহুত মন আছিল আকাশত উৰিবলৈ । সেয়ে ইয়ালৈ আহিলো আৰু উৰিলো । ই এক অন্যন্য অভিজ্ঞতা, আকাশত উৰা বুলি ক’লে কেনেকুৱা লাগে ! আজি বহুত বেছি ভাল লাগিছে ।”পেৰাগ্লাইডিং কৰি নিজৰ সপোন পূৰণৰ আনন্দই যেন অলিম্পিকৰ সফলতাৰ দৰেই তেওঁক পুলকিত কৰি তুলিছে । নিজৰ চখ আৰু আনন্দৰ মাজতো পেছাদাৰী দায়িত্বৰ প্ৰতি সম্পূৰ্ণ সজাগ লাভলীনা । তেওঁ স্পষ্ট কৈ কয় যে এই বছৰটো তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ।

Oplus_16908288

লাভলীনাই কয়, “এই বছৰটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ । আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপ আছে, কমনৱেলথ গেমছ আছে । তাৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাই আছো, বক্সিং ৰিঙৰ প্ৰস্তুতিৰ সমান্তৰালকৈ একাডেমীখনো চলাই নিবলগীয়া হৈছে ।” নৱপ্ৰজন্মক সঠিক পথ দেখুওৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা সন্দৰ্ভত কয়, “ল’ৰা-ছোৱালীবোৰক যেন সঠিক পথ দেখুৱাই আগবঢ়াই নিব পাৰো, তাৰ বাবেও মই চেষ্টা অব্যাহত ৰাখিছো ।”

Related Articles