Breaking

আজাদি কা অমৃত মহোৎসৱ উপলক্ষে চাপৰত চাৰিচকীয়া বাহনৰ এক বিশাল ৰেলী

0 82

চাপৰ বিজেপি টাউন মণ্ডল আৰু চাপৰ চালক সন্থাৰ যৌথউদ‍্যোগত এই বিশাল ৰেলী

v.o-সমাগত স্বাধীনতা দিৱস। সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি পালন কৰি আহিছে “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক দেশৰ অখণ্ডতা, ৰাষ্ট্ৰ প্ৰেম, ৰাষ্ট্ৰীয় একতাৰ ভাৱনাক জাগ্ৰত কৰিবলৈ এই আহ্বান জনাইছে। এই আহ্বানক সাফল্যমণ্ডিত কৰিবলৈ চাপৰ বিজেপি টাউন মণ্ডল আৰু চাপৰ চালক সন্থাৰ যৌথ উদ‍্যোগত এই বিশাল চাৰিচকীয়া বাহনৰ ৰেলী উলিয়ায়।

উক্ত ৰেলীটো শুভ উদ্বোধন কৰে চাপৰ বিজেপী টাউন মণ্ডলৰ সভাপতি দেবজীত বৰকলিতা আৰু চাপৰ পৌৰসভাৰ পৌৰপতি বিউটি ৰায়।উক্ত অনুষ্ঠান উপস্থিত থাকে চাপৰ চালক সন্থাৰ সদস্যসকল।

উক্ত ৰেলীটো চাপৰ গান্ধী ময়দান খেলপথাৰৰ পৰা চাপৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ঘূৰি পুনৰ চাপৰ গান্ধী ময়দান খেলপথাৰত মিলিত হয়।

Leave A Reply