হৰিনামৰ ধ্বনি আৰু খোল-তালৰ শব্দত আকাশ-বতাহ মুখৰিত।
আজিৰে পৰা জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত শ্রীমন্ত শংকৰদেৱ সংঘৰ বিশাল অধিৱেশন।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ।
ধূপ-ধুনাৰ সুবাস আৰু হৰিনামৰ অমৃত বাণীৰে আধ্যাত্মিকতাৰ জোৱাৰ জামুগুৰিহাটত।

