‘বন্দে মাতৰম’ৰ ডেৰশ বছৰ সম্পূৰ্ণ হৈছে আৰু সেইবাবেই কেন্দ্ৰীয় চৰকাৰে এই বিশেষ অনুষ্ঠানটো উদযাপনৰ পৰিকল্পনা কৰিছে। লোকসভাত ১০ ঘণ্টীয়া বিশেষ আলোচনাৰ তালিকা প্ৰস্তুত কৰা হৈছে। ‘বন্দে মাতৰম’ৰ ডেৰশ বছৰ উপলক্ষে সোমবাৰে (৮ ডিচেম্বৰ) লোকসভাত এক বিশেষ আলোচনা অনুষ্ঠিত হ’ব, য’ত বংকিম চন্দ্ৰ চেটাৰ্জীৰ ঐতিহাসিক লেখাৰ গুৰুত্বপূৰ্ণ কিন্তু কম পৰিচিত তথ্যসমূহ চৰ্চালৈ অনা হ’ব।
বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ১৮৭০ চনত সংস্কৃত ভাষাত এই গীতটো ৰচনা কৰিছিল। এই গীতটোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত লাখ লাখ লোকক অনুপ্ৰাণিত কৰি সমগ্ৰ দেশতে সাহস আৰু ঐক্যৰ চিৰন্তন প্ৰতীক হিচাপে পৰিগণিত হৈছে। যোৱা ১ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে ঘোষণা কৰিছিল যে সমগ্ৰ দেশতে এই গীতটিৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হ’ব।
কালি ৭ ডিচেম্বৰত এই গীতটোৱে ১৫০ বছৰ সম্পূৰ্ণ কৰিলে, এই উপলক্ষে লোকসভাত ১০ ঘণ্টীয়া বিশেষ আলোচনাৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দিয়াৰ সম্ভাৱনা আছে।

