আন্তঃজিলা ভাৰোত্তোলনত দিখৌমুখ হেল্থ এণ্ড এথলেটিক্ছ ক্লাবৰ পাঁচটা সোণ

হেল্থ এণ্ড এথলেটিক্ছ ক্লাব, দিখৌমুখৰ চাৰিগৰাকী ভাৰোত্তোলকে হাফলঙত সদ্যসমাপ্ত ৪৮ সংখ্যক  আন্তঃজিলা ভাৰোত্তোলনত ৫ টাকৈ সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ক্লাবৰ তাৰকা উত্তোলক তথা আন্তৰাষ্ট্ৰীয় পদকজয়ী ভাৰোত্তোলক বৰ্ণালী বৰাই ছোৱালীৰ ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা পৰ্যায়ত ৫৫ কিঃ গ্ৰাঃ ওজন শাখাত দুটাকৈ সোণৰ পদক জয় কৰাৰ লগতে ছিনিয় আৰু জুনিয়ৰ ছোৱালীৰ শ্ৰেষ্ঠ উত্তোলকৰ খিতাপ অৰ্জন কৰিছে ৷ সংগীতা সাধনীদাৰে যুৱ আৰু জুনিয়ৰত ৬৪ কিঃ গ্ৰাঃ ওজন শাখাত দুটাকৈ সোণৰ পদক জয় কৰিবলৈ সক্ষদ হয়৷ গৌৰাঙ্গ বৰাই লৰাৰ  ছিনিয়ৰৰ ৯৬ কিঃ গ্ৰাঃ ওজন শাখাত সোণ আৰু মাৰ্টিনা মিলিয়ে যুৱৰ ৫৫ কিঃ গ্ৰাঃ শাখাত ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হয়৷ ছাৰিও গৰাকী উত্তোলকে শিৱসাগৰ জিলা দলক প্ৰতিনিধিত্ব কৰিছিল৷ উল্লেখ্য, ক্লাবৰ মুখ্য প্ৰশিক্ষক , শাৰিৰীক নিৰ্দেশক তথা আন্তৰাষ্ট্ৰীয় যোগ গুৰু শৰৎ মোহন নেওগৰ তত্ত্বাৱধানত ইতিমধ্যে ক্লাবৰ কেইবাগৰাকী উত্তোলকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে ৷ ক্লাবৰ হৈ সভাপতি সত্যজিৎ শইকীয়া আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই এই সাফল্যৰ বাবে আটাইকেইগৰাকী খেলুৱৈক অভিনন্দন জনাইছে৷ হেল্থ এণ্ড এথলেটিক্ছ ক্লাবৰ মুখ্য পৃষ্ঠপোষক, প্ৰাক্তন খেলুৱৈ তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিৰ লগতে ক্লাবৰ পৃষ্ঠপোষক, প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে খেলুৱৈকেইগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে৷ স্মৰ্ত্তব্য, ক্লাবটোৱে বিগত দুই দশকৰো অধিক কাল বৃহত্তৰ গ্ৰামাঞ্চলটোত লৌহ ক্ৰীড়াৰ প্ৰসাৰৰ লক্ষ্যৰে কাম কৰি আহিছে৷

Related Articles