আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল টুপামাৰীৰ বোৱাৰী জেহেনা আকতাৰ, অৰ্জন কৰিলে তিনিটাকৈ পদক

Writing

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰৰ ক্ষেত্ৰত উজলি উঠিল অসমৰ জেহেনা আকতাৰ। বেংগালুৰুত অনুষ্ঠিত 2nd Asian Masters Swimming Championships-2026ত তিনিটাকৈ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে টুপামাৰীৰ বোৱাৰীগৰাকীয়ে। প্ৰতিযোগিতাখনত এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় জেহেনা আকতাৰে।

উল্লেখ্য যে, ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ বেংগালুৰুত অনুষ্ঠিত হৈছিল এই আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত জেহেনা আকতাৰে ৪০০ মিটাৰ Medley শাখাত সোণৰ পদক, ২০০ মিটাৰ Freestyle শাখাত ৰূপৰ পদক আৰু ২০০ মিটাৰ Breaststroke শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰা অসমৰ একমাত্ৰ মহিলা সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে জেহেনা আকতাৰ। তেওঁৰ এই সাফল্যই ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰিছে।

পেছাত শিক্ষয়িত্ৰী, নিচা সাঁতোৰ

জেহেনা আকতাৰ পেছাত এগৰাকী শিক্ষয়িত্ৰী। তেওঁ কালাকুচি সাতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো সাঁতোৰৰ প্ৰতি থকা একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বেও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি একাধিক পদক লাভ কৰিছিল জেহেনা আকতাৰে। শেহতীয়া এই সাফল্যই তেওঁৰ ক্ৰীড়া জীৱনলৈ আন এক নতুন মাত্ৰা প্ৰদান কৰিছে।

জেহেনাৰ সাফল্যত উৎফুল্লিত টুপামাৰীবাসী

জেহেনা আকতাৰৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰীৰ ৰাইজ। অঞ্চলটোৰ এগৰাকী বোৱাৰীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তিনিটাকৈ পদক অৰ্জন কৰি অসমৰ নাম উজলাই তোলাত গৌৰৱ অনুভৱ কৰিছে স্থানীয় ৰাইজে।

লগতে, এইগৰাকী প্ৰতিভাৱান মহিলা সাঁতোৰবিদৰ ক্ৰীড়া প্ৰতিভাৰ বিকাশ আৰু ভৱিষ্যতৰ সাফল্যৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব দিয়াৰ লগতে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

জেহেনা আকতাৰৰ এই সফলতাই ৰাজ্যৰ উদীয়মান সাঁতোৰবিদসকলকো অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে।

Related Articles