আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত ইৰাণৰ

মধ্য প্ৰাচ্যৰ সংকটৰ মাজতে আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰিলে ইৰাণে৷ ৩ এপ্ৰিলত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বিবৃতিত কয় যে তেওঁলোকৰ অত্যাধুনিক আৰু নতুনকৈ বিকশিত এয়াৰ ডিফেন্স ছিষ্টেমে মধ্য ইৰাণত আন এখন আমেৰিকাৰ ‘ষ্টেলথ এফ-৩৫’ যুদ্ধ বিমান গুলীয়াই পেলাইছে৷ লেকেনহিথ স্কোয়াড্ৰনৰ অন্তৰ্গত যুদ্ধ বিমানখন ক্ষেপণাস্ত্ৰৰ খুন্দাত সম্পূৰ্ণৰূপে ধবংস হৈ দুৰ্ঘটনাগ্ৰস্ত হয়৷ বিমানখন ইমানেই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে ইয়াৰ পাইলটৰ ভাগ্য সম্পৰ্কে এতিয়াও কোনো নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা আই আৰ জি চিয়ে পাৰস্য উপসাগৰৰ কেছম দ্বীপৰ দক্ষিণে আন এখন আমেৰিকাৰ উন্নত যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ কথা ঘোষণা কৰে৷ বিবৃতিটোত কোৱা হৈছে যে উন্নত ৰাডাৰ আৰু প্ৰতিৰক্ষা ব্যৱস্থাৰ আক্ৰমণৰ পিছত হেংহাম আৰু কেছম দ্বীপৰ মাজত পাৰ্চী উপসাগৰৰ গভীৰ জলসীমাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়৷

এই সফল অভিযানৰ পিছত আই আৰ জি চিয়ে ড’নাল্ড ট্ৰাম্পক পোনপটীয়াকৈ সমালোচনা কৰি কয় যে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই দাবী এক গোকাট মিছা৷ এই অভিযান ইৰাণৰ সংহত বায়ু প্ৰতিৰক্ষা নেটৱৰ্কৰ অধীনত আই আৰ জি চি নৌসেনাৰ আধুনিক ব্যৱস্থাই চলাইছিল৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ আমেৰিকাৰ সেনাবাহিনীৰ বাবে বিমান ক্ষতিৰ তালিকাখন দীঘলীয়া হৈ আহিছে৷ ইয়াৰ পূৰ্বে ১১ মাৰ্চত ইৰাণৰ মধ্য আকাশমাৰ্গত প্ৰথমবাৰৰ বাবে এফ-৩৫ যুদ্ধ বিমান আক্ৰান্ত হৈছিল৷ সেই সময়ত আমেৰিকাৰ সংবাদ মাধ্যমে জৰুৰী অৱতৰণৰ বাতৰি প্ৰকাশ কৰিছিল যদিও পিছত এন পি আৰৰ এক প্ৰতিবেদনত ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা বিমানখনে অদূৰ ভৱিষ্যতে পুনৰ উৰণৰ ক্ষমতা লাভ নকৰে বুলি প্ৰকাশ পাইছিল৷

এই চলি থকা উত্তেজনাৰ আৰম্ভণিৰ পৰাই ইৰাণে মুঠ দুখন এফ-৩৫, এখন এফ-১৮, দুখন এফ-১৬ আৰু চাৰিখন এফ-১৫ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে৷ ইফালে পেণ্টাগনে আনুষ্ঠানিকভাৱে তিনিখন এফ-১৫ আৰু এখন কেচি-১৩৫ টেংকাৰ বিমান হেৰুওৱাৰ কথা স্বীকাৰ কৰিছে যদিও বেছি ভাগ ক্ষেত্ৰতে লোকচান ঢাকিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বহু সামৰিক বিশেষজ্ঞৰ মতে, আমেৰিকা কতৃৰ্পক্ষই তেওঁলোকৰ অত্যাধুনিক ষ্টীলথ বিমান ধবংস হোৱাৰ কথা ঢাকি ৰাখিবলৈ প্ৰায়ে ‘বন্ধুত্বপূৰ্ণ শক্তিৰ গুলীত ভূপতিত’ বা ‘যান্ত্ৰিক দুৰ্ঘটনা’ হিচাপে প্ৰচাৰ কৰে৷

Related Articles