বিশ্বৰ ধনীতম ব্যক্তি তথা টেসলা আৰু স্পেচএক্সৰ CEO ইলন মাস্কে এতিয়া নিজৰ নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণাৰে বিশ্ব ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে। “আমেৰিকা পাৰ্টী” নামৰ এই দলৰ সূচনাৰ কথা তেওঁ ঘোষণা কৰে শেহতীয়াকৈ মার্কিন চেনেটত গৃহীত হোৱা ‘One Big Beautiful Bill’ নামৰ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে।
ইলন মাস্কে এই বিলখনক “উন্মাদ আৰু সস্তীয়া” বুলি সমালোচনা কৰি কয় —
“যদি এই বিধেয়কখন গৃহীত হয়, তেন্তে তাৰ পাছদিনাই মই নতুন ৰাজনৈতিক দল গঠন কৰিম। আমেৰিকাৰ জনতাৰ সত্যিকাৰ কণ্ঠস্বৰ হ’ব লাগিছে, ডেমোক্ৰেট বা ৰিপাব্লিকান নহয়।”
এই ঘোষণাৰ পাছতেই চীনৰ ছ’চিয়েল মিডিয়াত সমৰ্থনৰ ঢৌ পৰিলক্ষিত হৈছে। Weibo-ত #MuskWantsToBuildAnAmericaParty হেচটেগটো ৩৭ মিলিয়নতকৈও অধিকবাৰ পঢ়া হৈছে। এজন চীনীয়া ব্যৱহাৰকাৰীয়ে লিখিছে —
“ইলন মাস্কৰ নেতৃত্বৰ নতুন ৰাজনীতি দেখিবলৈ ইমান দিন ধৰি অপেক্ষা কৰি আছিলোঁ।”
আন এগৰাকী কয় —
“মাস্ক, আপোনাৰ লগত এখন দেশ, বিলিয়ন জনতা আছে।”
চীনত ইলন মাস্কৰ জনপ্ৰিয়তাৰ পেছত আছে তেওঁৰ ব্যৱসায়িক সফলতা, বিশেষকৈ টেসলা ফেক্টৰী চীনত সফলভাৱে স্থাপন আৰু চীনা নেতাসকলৰ সৈতে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক।
ইফালে, এই পদক্ষেপে ড’নাল্ড ট্ৰাম্পক জোৰদাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য কৰিছে। ট্ৰাম্পে তেওঁৰ Truth Social প্লেটফৰ্মত মন্তব্য কৰে —
“ৰাজসাহায্য অবিহনে ইলনক দক্ষিণ আফ্ৰিকালৈ উভতি যাব লাগিব।”
মাস্কে তাৰ উত্তৰত X (পূৰ্বতন টুইটাৰ)-ত লিখে —
“সঁচাকৈ কৈছো, সকলো ৰাজসাহায্য বন্ধ কৰক। এই বিধেয়কখনে কেৱল ঋণ বৃদ্ধি কৰাই নহয়, লাখ লাখ চাকৰি বিপন্ন কৰিব।”
উল্লেখযোগ্য যে, এই বিলখনে আমেৰিকাৰ ঋণ ৩.৩ ট্রিলিয়ন ডলাৰে বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে। লগতে নবীকৰণযোগ্য শক্তি আৰু ইলেকট্ৰিক বাহনৰ ক্ষেত্ৰত দিয়া সাহায্য হ্ৰাস কৰাৰ ফলত মাস্কৰ উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা প্ৰকাশ কৰিছে তেওঁ।
ট্ৰাম্প-মাস্কৰ এই শক্তিশালী বিবাদে আমেৰিকাৰ ৰাজনৈতিক পৰিস্থিতিক তীব্ৰ ৰূপ দিছে। ইফালে, ইলন মাস্কৰ নতুন দল গঠনৰ পদক্ষেপে দ্বিদলীয় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে আৰু আমেৰিকাৰ ৰাজনীতিৰ নতুন অধ্যায়ৰ সূচনা হোৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে।
বিশ্লেষকৰ মতে, “‘আমেৰিকা পাৰ্টী’ গঠন হ’লে এনে এগৰাকী প্ৰযুক্তি-উদ্যোক্তা ৰাজনীতিত প্ৰৱেশ কৰিলে, বিশ্ব ৰাজনীতিতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিব।”